ৰূপকোঁৱৰৰ জয়মতীৰ পৰা এন কে বিগ ষ্টাৰ’ৰ জানমণিলৈকে

                                                            


                                                     

                                                                                                                    –সাগৰ সংগম দিহিঙিয়া

অসমত ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী ছবিখনৰ জৰিয়তে অসমত চলচ্ছিত্ৰ উদ্যোগৰ যাত্ৰা আৰম্ভ হৈছিল৷ তেতিয়াৰে পৰা বৰ্তমানলৈকে অসমৰ চলচ্ছিত্ৰ উদ্যোগে বহুতো সমস্যাৰ মাজেৰে আগবাঢ়িব লগা হৈছে ‘জলিউড’ খ্যাত অসমৰ চলচ্ছিত্ৰ উদ্যোগটো৷ 

অসমৰ চলচ্ছিত্ৰই বিশেষকৈ অসমীয়া ভাষাত নিৰ্মাণ হোৱা ছবিকেই বুজায় যদিও অন্য স্থানীয় ভাষা, যেনে– বড়ো, কাৰ্বি, মিচিং আদি ভাষাত নিৰ্মা হোৱা চলচ্ছিত্ৰ সমূহো ইয়াৰ অন্তৰ্গত৷ অসমৰ চলচ্ছিত্ৰ উদ্যোগত বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰৰ ছবিও নিৰ্মা হৈ আহিছে সমান্তৰাল ছবিৰ ক্ষেত্ৰত চলচ্ছিত্ৰ নিমাৰ্তা তথা পৰিচালক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ নাম উল্লেখযোগ্য৷ 

অসমৰ চলচ্ছিত্ৰ উদ্যোগৰ ইতিহাস বহু পুৰণি৷ অসমৰ বহু সংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমানলৈকে কেইবাখনো ছবিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰৰ্যায়ত চমক প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান সময়ত অসমৰ চলচ্ছিত্ৰ উদ্যোগটো বহু সমস্যাৰে জৰ্জড়িত যদিও শেহতীয়াকৈ নিৰ্মাণ কৰা কেইখনমান ছবিয়ে ব্যৱসায়িক ভাৱে সফল হৈ আশাৰ ৰেঙণি কঢ়িয়াইছে৷ এই ছবিকেইখনে পুনৰ অসমীয়া চলচ্ছিত্ৰ উদ্যোগলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিছিল যদিও সাম্প্ৰতিক কৰ’ণা কালৰ বাবে ছবি গৃহ আৰু ছবি নিৰ্মাণ গৃহ সমূহ বন্ধ হৈ পৰাত এই যাত্ৰা যেন পুনৰ থমকি ৰ’ব লগা হ’ল৷ 

অসমত চলচ্ছিত্ৰ উদ্যোগে সমস্যাৰ সন্মুখিন হ’ব লগা মূল কাৰণ হৈছে দৰ্শক, উন্নত মানৰ ছবি নিৰ্মাণ গৃহ আৰু চিত্ৰগৃহৰ অভাৱ হোৱাৰ লগতে প্ৰচাৰ মাধ্যমৰো অভাৱ দেখা যায়৷ তদুপৰি ভাৰতৰ বৃহৎ চলচ্ছিত্ৰ উদ্যোগ বলিউডে সদায়ে অসমৰ এই স্থানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে৷ 

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ একক প্ৰচেষ্টাৰে ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে প্ৰথম অসমীয়া ছবি ‘জয়মতী’য়ে মুক্তি লাভ কৰে৷ ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত হয়৷ সেই সময়ত কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে আগৰৱালাদেৱে নিজেই ছবিখনৰ চিত্ৰনট্য, ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা সংগীত পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনাৰ লগতে তেওঁ ছবিখনত কেইবাগৰাকীও শিল্পীৰ মাত-কথা বাণীবদ্ধ কৰিছিল৷ অসমীয়া সমাজ আৰু বুৰঞ্জীৰ সমল লৈ নিৰ্মিত জয়মতীত ৰাছিয়ান চলচ্ছিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়৷ ৬০ হাজাৰ টকা বাজেটেৰে নিমাৰ্ন হোৱা ৰূপকোঁৱৰৰ জয়মতী ছবিখনে দৰ্শকৰ সঁহাৰি লাভ নকৰাত লোকচানৰ সন্মোখীন হ’ব লগা হয় যদিও আগৰৱালাদেৱে পুনৰ ‘ইন্দ্ৰমালতী’ নামেৰে দ্বিতীয়খন অসমীয়া চলচ্ছিত্ৰৰ নিমাৰ্ন কৰে৷ ১৯৩৯ চনত মুক্তি লাভ কৰা দ্বিতীয়খন অসমীয়া চলচ্ছিত্ৰ ‘ইন্দ্ৰমালতী’ নিৰ্মাণৰ ঘাই উদ্দেশ্য আছিল জয়মতীৰ লোকচানৰ বোজা উঠাবলৈ৷ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল ‘ইন্দ্ৰমালতী’৷ এই ছবিখন ব্যৱসায়িক ভাৱে সফল হৈ জয়মতীত হোৱা লোকচানৰ জোৰা কিছু পৰিমাণে মাৰিবলৈ সক্ষম হৈছি যদিও কম খৰচত নিমাৰ্ন কৰিব লগীয়া হোৱা বাবে ছবিখনৰ শৈল্পিক মূল্য বহু পৰিমাণে কমি যোৱা বুলি আগৰৱালাদেৱে আক্ষেপ কৰিছিল৷ 

১৯৪০ দশকৰ আৰম্ভণিতেই ১৯৪১ চনত মুক্তিলাভ কৰে অসমৰ তৃতীয়খন অসমীয়া ছবি ‘মনোমতী’৷ ৰোহিনী কুমাৰ বৰুৱাৰ পৰিচালিত মনোমতীয়ে মুক্তি লাভ কৰা পাছত পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪৪ চনত নিৰ্মাণ কৰি উলিয়াই ‘ৰূপহী’৷ পাৰ্বতী প্ৰসাদ বৰুৱাই ‘বৰুৱা বোলছবি, ৰুপালী পাম’ নামেৰে এটা চলচ্ছিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ জন্ম দিয়ে৷ এই প্ৰতিষ্ঠানৰ বেনাৰতে দ্বিতীয় মহাসমৰৰ দপদপনিৰ মাজতে ‘ৰূপহী’ নিৰ্মাণৰ কাম আৰম্ভ হয়৷ মুঠ দুটা প্ৰিন্টে ৰূপহী মুক্তি দিয়া হৈছিল৷ ৰূপহীৰ পিছতেই ১৯৪৬ চনত কমল নাৰায়ন চৌধুৰীৰ ‘বদন বৰফুকন’ ১৯৪৮ চনত ফণী শৰ্মাৰ ‘ছিৰাজ’, সুৰেশ গোস্বামীৰ ‘ৰুনুমী’, সুনীল গাংগুলীৰ ‘সতী বেউলা’ আৰু ১৯৪৯ চনত প্ৰবীণ ফুকনৰ ‘পাৰঘাট’ ছবিখনে মুক্তি লাভ কৰে৷ 



১৯৪৮ চনত মুক্তি লাভ কৰা ছিৰাজ ছবিখনে দৰ্শকৰ পৰা প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে যদিও ছবিখনৰ নিৰ্মাতা ‘চিত্ৰাৱলী পিকচাৰ্চে’ লাভৰ মুখ দেখা নাপালে৷ ছবিখনৰ পৰিবেশনাৰ দায়িত্ব অন্যৰ হাতত থকা বাবে লাভৰ টকা প্ৰযোজকৰ ওচৰলৈ অহা নাছিল৷ আনহাতে ১৯৫২ চনত বিষ্ণুৰাম মেধিৰ চৰকাৰে অজ্ঞাত কাৰণত ৰুনুমী ছবিখনৰ প্ৰদৰ্শনত পৰা বাধা নিষেধ আৰোপ কৰে৷ সনীল গাংগুলীৰ ‘সতী বেউলা’ ছবিখন আছিল প্ৰথম অসমীয়া ধৰ্মমূলক ছবি প্ৰবীন ফুকনৰ ‘পাৰঘাট’ ছবিখনে অসমীয়া ছবিত আগতীয়া টিকট বুকিং প্ৰথা আৰম্ভ কৰে৷ 

১৯৫০ চনৰ জানুৱাৰীত মুক্তি লাভ কৰে অশীত সেনৰ ‘বিপ্লৱী’ ছবিখনে৷ এই দশকৰ এখন উল্লেখযোগ্য ছবি হৈছে ড॰ ভূপেন হাজৰিকাই সংগাত পৰিচালনা কৰা¸ ফণী শৰ্মাৰ ‘পিয়লি ফুকন’৷ এই ছবিখনে ‘‘দ্য প্ৰেচিডেণ্টচ্‌ চাৰ্টিফিকেট অফ মেৰিট’’ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে৷ ১৯৫৫ চনত মক্তি লাভ কৰে নিপ বৰুৱাৰ পৰিচালিত প্ৰথমখন ছবি ‘স্মৃতিৰ পৰশে’৷ এই দশকতে মুক্তি লাভ কৰা নিপ বৰুৱাৰ ‘ৰঙা পুলিচ’ ছবিখন হৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি৷ ১৯৫৬ চনত মুক্তি লাভ কৰে ড॰ ভূপেন হাজৰিকাৰ প্ৰথম ছবি ‘এৰা বাটৰ সুৰ’৷ বঙালী ছবিৰ প্ৰখ্যাত পৰিচালক প্ৰভাত মুখাৰ্জীয়ে ১৯৫৯ চনত পৰিচালনা কৰি উলিয়াই ‘পূবেৰুণ’৷ পূবেৰুণ ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰাৰ লগতে ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত ষষ্ঠ বাৰ্লিন চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়৷ বিদেশত প্ৰদৰ্শিত এইখনেই প্ৰথম অসমীয়া বোলছবি৷ 

১৯৫০ দশকতেই অসমীয়া ছবিৰ যথেষ্ট প্ৰসাৰ আৰু প্ৰচাৰ হয়৷ ঠিক তেনেদৰে এই দশকত দৰ্শকৰো যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰোপৰি এই দশকতেই বহু ছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ 

১৯৬০ দশকৰ মাজ ভাগৰ পৰা নিয়মিয়াকৈ অসমীয়া ছবি নিৰ্মাণ হ’বলৈ ধৰে৷ এই দশকত নিৰ্মাণ হোৱা কেইখনমান উল্লেখযোগ্য ছবি হৈছে– ১৯৬১ চনত নিপ বৰুৱাৰ ‘নৰকাসুৰ’, ১৯৬৩ চনত অনিল চৌধুৰীৰ ‘মাটিৰ স্বৰ্গ’ আৰু ব্ৰজেন বৰুৱাৰ ‘ইটো সিটো বহুটো’, ১৯৬৪ চনত সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ‘মণিৰাম দেৱান’ আৰু ভূপেন হাজৰিকাৰ ‘প্ৰতিধ্বনি’, ১৯৬৬ চনত ‘লটি-ঘটি’ আৰু ১৯৬৯ চনত ‘চিকমিক বিজুলি’ৰ লগতে ব্ৰজেন বৰুৱাৰ ‘ডক্তৰ বেজবৰুৱা’৷ ব্ৰজেন বৰুৱা দেৱৰ ‘ইটো সিটো বহুতো’ আৰু ‘ডক্তৰ বেজবৰুৱা’ ছবি দুখন হৈছে ক্ৰমে প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্য্য হাস্যৰসাত্মক আৰু প্ৰথম অসমীয়া থ্ৰিলাৰ ছবি৷ ডক্তৰ বেজবৰুৱা ছবিখনে প্ৰথমবাৰৰ বাবে ১৯৬৯ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ 

৩০ দশকৰ পৰা ৬০ দশকলৈ মুঠ ৬২খন ছবি নিৰ্মাণ হয়৷ এই সময়ছোৱাতেই চলচ্ছিত্ৰ সৈতে জড়িত হৈ পৰে প্ৰবীণ শৰ্মা, শৈল বৰুৱা, আব্দুল মজিদ, অমৰ পাঠক, ইন্দুকল্প হাজৰিকা, দেৱ কুমাৰ বসু, অমূল্য মান্না, গ্যেৰী বৰ্মন, অতুল বৰদলৈ, সুজিত সিং, নলিন দুৱৰা, প্ৰফুল্ল বৰুৱা আদি৷ 

১৯৭০ দশকত অসমীয়া চলচ্ছিত্ৰ উদ্যোগত বহুতো প্ৰতিশ্ৰুতি সম্পন্ন পৰিচালকে আত্মপ্ৰকাশ কৰে৷ এই দশকতেই ড॰ ভবেন্দ্ৰ নাথ শইকীয়া দেৱে চলচ্ছিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে৷ ১৯৭৭ চনৰ প্ত আগষ্টত তেখেতৰ প্ৰথম ছবি ‘সন্ধ্যাৰাগ’-এ মুক্তি লাভ কৰে৷ শইকীয়া দেৱেই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্ছিত্ৰৰ শুভাৰম্ভ কৰে৷ ‘সন্ধ্যাৰাগ’ ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ শেষ্ঠ আঞ্চলিক ভাষাৰ ছবি বঁটা লাভ কৰা আনকেইখন ছবি হৈছে– ‘অৰণ্য’, ‘ওপজা সোণৰ মাটি’, ‘মমতা’, ‘চামেলি মেমচাব’, ‘পুতলা ঘৰ’ আৰু ‘কল্লোল’৷ ড॰ ভূপেন হাজৰিকা দেৱে ‘চামেলি মেমচাব’ৰ সংগীত পৰিচালনাৰ বাবে শ্ৰেষ্ট সংগীত পৰিচালকৰ ‘ৰজত কমল বঁটা’ লাভ কৰে৷ 



১৯৮০ দশকত পচিালক ৰূপে আত্মপ্ৰকাশ কৰে জাহ্নু বৰুৱা আৰু মুনিন বৰুৱাদেৱে৷ ১৯৮২ চনত মুক্তি লাভ কৰা ‘অপৰূপা’ আছিল জাহ্নু বৰুৱাদেৱৰ প্ৰথম ছবি৷ তাৰ পিছতে জাহ্নু বৰুৱাদেৱৰ পৰিচালনাত ১৯৮৬ চনত ‘পাপৰি’ আৰু ১৯৮৭ চনত ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবি দুখনে মুক্তি লাভ কৰে৷ তেখেতৰ অপৰূপা আৰু ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবি দুখনে ক্ৰমান্নয়ে লাভ কৰে অসমীয়া ভাষাৰ শ্ৰেষ্ট ছবিৰ ৰাষ্ট্ৰীয় বঁটা আৰু শ্ৰেষ্ট ছবিৰ ৰাষ্ট্ৰীয় বঁটা৷ ইয়াৰোপৰি ছবিখনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত বহুতো পুৰস্কাৰ লাভ কৰে৷ ১৯৮৭ চনত মুনিন বৰুৱা আৰু নিপন গোস্বমীৰ যৌথ পৰিচালনাত মুক্তি লাভ কৰে ‘প্ৰতিমা’ ছবিখনে৷ তাৰ পাছতেই ১৯৮৮ চনত মুনিন বৰুৱাৰ একক পৰিচালনাত ‘পিতাপুত্ৰ’ ছবিখনে মুক্তি লাভ কৰে৷ এই দশকতে ভবেন্দ্ৰ নাথ শইকীয়া দেৱে পৰিচালনাত মুক্তি লাভ কৰে ‘অনিৰ্বান’, ‘অগ্নিস্নান’ আৰু ‘কোলাহল’ ছবি কেইখন৷ শইকীয়া দেৱৰ উক্ত তিনিওখন ছবিয়ে লাভ কৰে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা৷ ‘অগ্নিস্নান’ ছবিখনৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্য সন্মান লাভ কৰে৷ এই দশকতেই মুক্তি লাভ কৰে মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবি৷ ১৯৮৩ চনত সুপ্ৰভা দেৱীৰ পৰিচালিত প্ৰথম অসমীয়া ছবি ‘নয়নমনি’৷ ১৯৮৩ চনত মুক্তি লাভ কৰা ‘নয়নমণি’ পৰিচালনা কৰে মহিলা পৰিচালক সুপ্ৰভা দেৱীয়ে৷ 

৯০ দশকত জাহ্নু বৰুৱাদেৱে মুক্তি দিয়ে প্তখন ছবি৷ ছবি কেইখন ক্ৰমে– ১৯৯০ চনত ‘বনানি’, ১৯৯২ চনত ‘ফিৰিঙতি’, ১৯৯৫ চনত ‘সাগৰলৈ বহু দুৰ’, ১৯৯৮ চনত ‘কুশল’ আৰু ১৯৯৯ চনত ‘পখী’৷ ইয়াৰ ‘সাগৰলৈ বহু দুৰ’, ‘কুশল’ আৰু ‘পখী’ ছবি তিনিখনে লাভ কৰে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা আৰু ‘সাগৰলৈ বহু দুৰ’ ছবিখনৰ বাবে জাহ্নু বৰুৱাই লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা৷ ‘ফিৰিঙতি’ ছবিখনৰ বাবে মলয়া গোস্বামীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰে সনামনিত কৰে৷ এই দশকতে ড॰ ভবেন্দ নাথ শইকীয়া দেৱে পৰিচালনা কৰে তিনিখন ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি ক্ৰমে– ১৯৯১ চনত ‘সাৰথি’, ১৯৯৩ চনত ‘আৱৰ্তন’ আৰু ১৯৯৫ চনত ‘ইতিহাস’৷ ১৯৯২ চনত মুক্তি লাভ কৰা ‘হলধৰ’ ছবিখনৰ বাবে পৰিচালক সঞ্জীৱ হাজৰিকাই লাভ কৰে শ্ৰেষ্ঠ নবাগত পৰিচালকৰ ববে আগবঢ়োৱা ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় বঁটা৷ ১৯৯৬ চনত সান্ত্বনা বৰদলৈৰ পৰিচালনাত মুক্তি লাভ কৰে ‘অদাহ্য’ আৰু ১৯৯৯ চনত মুক্তি লাভ কৰে মঞ্জু বৰাৰ পৰিচালিত প্ৰথম ছবি ‘বৈভৱ’৷ 

১৯৯৮ চনত মুক্তি লাভ কৰে অশোক কুমাৰ বিষয়াৰ ‘যৌৱনে আমনি কৰে’৷ অশোক কুমাৰ বিষয়াৰ পৰিচালিত আৰু প্ৰযোজিত এই ছবিখনে বহুদিন ধৰি অসমীয়া ছবি জগতত চলা এক মণ্ডাৱস্থাৰ অন্তত অতি জনপ্ৰিয় আৰু অসমৰ দৰ্শকসকলক অসমীয়া ছবিৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল৷ ‘যৌৱনে আমনি কৰে’ শীৰ্ষক নামটো পৰিচালকে তেখেতৰ পিতৃ ক্ষীৰদাকান্ত বিষয়াই ‘লাচিত বৰফুকন’ ছবিৰ বাবে লিখা ‘‘আবেগৰ বোকোচা বব মই নোৱাৰো, যৌৱনে আমনি কৰে’’ শীৰ্ষক গীতটোৰ পৰা লৈছিল আৰু এই গীতটো পুনঃৰেকৰ্ডিং কৰি এই ছবিখনত টাইটেল চং হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ছবিখনৰ নিৰ্মাণৰ সময়ত অশ্লীল নামকৰণ কৰা বুলি বিতৰ্ক হৈছিল৷ 

‘যৌৱনে আমনি কৰে’ৰ সফলতাৰ পিছতেই ২০০০ চনৰ আৰম্ভণিৰে পৰা বহুতো বাণিজ্যিকধৰ্মী অসমীয়া ছবি নিৰ্মাণ হয়৷ এই দশকত মুনিন বৰুৱাদেৱৰ ছবিসমূহে দৰ্শকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰে৷ তাৰ উদাহৰণ হৈছে– ২০০০ চনত মুক্তি লাভ কৰা ‘হিয়া দিয়া নিয়া’, ২০০১ চনত ‘দাগ’ আৰু ‘নায়ক’, ২০০২ চনত ‘কন্যাদান’, ২০০৪ চনত ‘দীনবন্ধু’ আদি৷ এই দশকৰ আন কেইখনমান জনপ্ৰিয় ছবি সমূহ হৈছে– মুন্ন আহমেদৰ ‘জোন জ্বলে কপালত’, সুমন হৰিপ্ৰিয়াৰ ‘কইনা মোৰ ধুনীয়া’, চন্দ্ৰ মুদৈৰ ‘মাঘত মামনিৰ বিয়া’, চুৰেন চোৰৰ পুতেক’, ‘জোনদা ইমান গুণ্ডা’ আৰু বাণী দাসৰ ‘মন’ ইত্যাদি৷ 

২০০০ দশকৰ শেষাৰ্ধৰ পৰা অসমীয়া চলচ্ছিত্ৰৰ নিৰ্মাণ স্ববিৰ হৈ পৰে৷ ইয়াৰ প্ৰধান কাৰণ হৈছে চিত্ৰগৃহৰ অভাৱ, ডাঙৰ চলচ্ছিত্ৰ উদ্যোগৰ হেঁচা, একঘেয়েমি ছবি, পৰিৱেশকৰ অসমীয়া ছবিৰ প্ৰতি অনিহা ইত্যাদি৷ এই সময়ছোৱাত দুই এজন পৰিচালকে কেবল ছবি মহোৎসৱক লক্ষ্য কৰি দুই এখন কলাত্মক ছবি নিৰ্মাণ কৰিছিল৷ এই ছবি সমূহৰ ভিতৰত আছিল সঞ্জীৱ হাজৰিকাৰ ‘মৎস্যগন্ধা’, জাহ্নু বৰুৱাৰ ‘কণিকাৰ ৰামধেনু’ আৰু ‘তৰা’, মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে’, ‘লাজ’, ‘জয়মতী’ আৰু ‘আই কত নাই’, সুমন হৰিপ্ৰিয়াৰ ‘কদমতলে কৃষ্ণ নাচে’, সঞ্জীৱ সভাপণ্ডিতৰ ‘জু্‌ৱ পোৰা সোণ’ আৰু ‘জাতিঙ্গা ইত্যাদি’ আদি৷ জাহ্নু বৰুৱাৰ ‘তৰা’ ছবিখনে শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ ২০০৭ চনত মুক্তি লাভ কৰা অৰূপ মুন্নাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্ছিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ জীৱন ভিত্তিক ছবি ‘আইদেউ’ ছবিখনে ৫৪তম ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে৷ 

২০১০ চনত মুক্তি লাভ কৰে মাত্ৰ তিনিখন ছবিয়ে৷ হীৰেন বৰাৰ ‘বসুন্ধৰা’, সূৰ্য্য হাজৰিকাৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ আৰু মুন্ন আহমেদৰ ‘অচিন চিনাকি’৷ এই তিনিওখন ছবিয়েই চিত্ৰগৃহত ব্যৱসায়িক ভাৱে অসফল হৈছিল যদিও হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত নিৰ্মিত ‘বসুন্ধৰা’ ছবিখনে ৫৬তম ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ পুৰস্কাৰৰ অসমীয়া ছবিৰ সন্মান লাভ কৰে৷ 

২০১১ চনৰ ৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰে মুনিন বৰুৱাৰ পৰিচালনাত ‘ৰামধেনু’ ছবিখনে৷ আঠ বছৰৰ বিৰতিৰ পাছত ‘ৰামধেনু’ ছবিখন পৰিচালনা কৰিছিল মুনিন বৰুৱাদেৱে৷ বহু বছৰৰ পাছত অসমীয়া ছবি চাৰ বাবে দৰ্শক আহি চিত্ৰগৃহত ভিৰ কৰেহি৷ ‘প্ৰাইড ইষ্ট এন্টাৰেটইনমেন্ট’ৰ বেনাৰত নিৰ্মাণ হোৱা ৰামধেনু ছবিখনে একেলেথাৰিয়ে গুৱাহাটীৰ এটা চিত্ৰগৃগত পঁচিশ সপ্তাহ দৰ্শনি দিয়ে৷ ইয়াৰ পিছতেই মুক্তি লাভ কৰে ৰাজেশ ভূঞাৰ ‘জানমনি’য়ে৷ জানমনি ছবিখনে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰে৷ 



পৰৱৰ্তী সময়ত চিত্ৰগৃহলৈ আহে তিমথী দাস হাঞ্চেৰ ‘পলে পলে উৰে মন’, যদুমনি দত্তৰ ‘জেতুকা পাতৰ দৰে’ আৰু দিগন্ত মজুমদাৰৰ ‘এ উইকেণ্ড’৷ এই আটাইকেইখন ছবিয়েই দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয়৷ ইয়াৰ মাজৰে চৈয়দ আব্দুল মালিকৰ উপন্যাসৰ আধাৰত নিৰ্মাণ হোৱা জেতুকা পাতৰ দৰে ছবিখনে ৫৮তম ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ 

ৰামধেনুৰ সফলতাৰ পিছত বহু কেইখন অসমীয়া ছবি নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হৈছিল৷ তাৰ ভিতৰত কেইখনমান উল্লেখযোগ্য ছবি হৈছে– ‘বাঁকৰ পুতেক’, ‘ৰিচাং’, ‘ৰ’দ’, ‘বান্ধোন’, ‘দুৱাৰ’, ‘মনে মোৰ কইনা বিচাৰে’, ‘ৰণাংগন’, ‘সূৰ্যাস্ত’, ‘তুমি যদি কোৱা’, ‘ভাল পাব নাজানিলো’, লোকেল কং ফু’, ‘দুৰ্জন’, ‘অজেয়’, ‘চিঞৰ’, ‘হিয়া দিবা কাক’, ‘মহাপুৰুষ’, ‘চুমা পৰশতে’, ‘ৰ’দৰ চিঠি’, ‘অহেতুক’, ‘গানে কি আনে’, ‘পাগলী’, ‘বহ্নিমান’, ‘কোঁৱৰপুৰৰ কোঁৱৰ’, ‘দূৰ’ ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’, ‘অথেলো’, ‘লোকেল কুং ফু-২’, ‘অন্তৰীণ’, ‘ছয়গাঁৱৰ চম্পা’, ‘দূৰণিৰ নিৰলা পঁজা’ ইত্যাদি৷ 



এই সময়ছোৱাত বহুকেইখন অসমীয়া ছবি নিৰ্মাণ হয় যদিও প্ৰায়বোৰ ছবিয়েই ব্যৱসায়িক ভাৱে অসফল হয়৷ ২০১৭ চনৰ ৫ ছেপ্তেম্বৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ‘মিছন চাইনা’ ছবিখনে পূৰ্বৰ সকলো অভিলেষ ভঙ্গ কৰে৷ অসমীয়া ছবিৰ বাবে সুখৰ বাৰ্তা কঢ়িয়াই আনিলে ছবিখনে৷ প্ৰায় দুই কোটি টকাৰ বাজেটেৰে নিৰ্মাণ হোৱা ছবিখনে প্ৰায় ৫ কোটি টকা আয় কৰিবলৈ সক্ষম হয়৷ মিছন চাইনা ছবিখনে পুনৰ অসমীয়া ছবি নিৰ্মাতা তথা পৰিচালক-প্ৰযোজক সকলক ছবি নিৰ্মাণৰ বাবে সাহস প্ৰদান কৰিলে৷ ইয়াৰ পিছত আন বহুকেইখন ছবি নিৰ্মাণ হয় আৰু প্ৰায়বোৰ ছবি ব্যৱসায়িক ভাৱেও সফল হয়৷ 

২০১৯ বৰ্ষৰ শেষৰ ফালে আৰম্ভহোৱা ‘কা’ আন্দোলন আৰু কৰ’ণা মহামাৰিৰ বাবে ছবি নিৰ্মাণ আৰু মুক্তি স্থবিৰ হৈ পৰে৷ ‘কা’ আন্দোলনৰ উত্তপ্ত পৰিস্থিতিৰ পিছত সকলো স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত পুনৰ ছবি নিৰ্মাণ আৰু মুক্তিৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছিল যদিও এই কাৰ্য্য কৰ’ণা মহামাৰীৰ বাবে সফল হৈ নুথিল৷ দৰ্শকে নতুন অসমীয়া ছবি উপভুগ কৰিবলৈ নোপোৱা হ’ল৷ 

বৰ্তমান ইন্টাৰেনট আৰু প্ৰযুক্তিৰ সময়৷ এতিয়া সকলো মোবাইল, কম্পিউটাৰ আৰু ইন্টাৰেনটত উপলব্ধ৷ ঠিক তেনেদৰে ইন্টাৰেনটতো আছে প্ৰযুক্তিৰ চিত্ৰগৃহ৷ য’ত আমি বিভিন্ন ধৰণৰ ভিন্ন ভাষাৰ ছবি, ধাৰাবাহিক আদি উপভোগ কৰিব পাৰো৷ অসমত এনেধৰণৰ দুটা এপচ্‌ উপলব্ধ৷ এটা হৈছে ট্টপ্প Television ৰ ৭০mm flix আৰু আনটো হৈছে NK Production ৰ NK Big Star শীৰ্ষক দুটা ভিডিঅ’ এপ৷ 

সময়ৰ লগত খুজ মিলাই আৰু মহামাৰীক প্ৰত্যাহ্বান জনাই NK Big Star নিজৰ উক্ত এপচ্‌টোত মুক্তি দিছিল ‘জানমণি’ শীৰ্ষক ৱেব ফ্লিম খন৷ ন-উদ্যমেৰে আগবঢ়া প্ৰযুক্তিৰ পথাৰত NK Big Star ৰ ‘জানমণি’ ছবিখনে দৰ্শকৰ মাজত জনপ্ৰিয়তা আৰু চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে৷ কেইবামাহৰ পিছত অসমীয়া ছবি ভালপোৱা দৰ্শকে চিত্ৰগৃহত নহ’লেও মোবাইল, কম্পিউটাৰত এখন ছবি উপভোগ কৰিলে৷ লগতে অসমীয়া ছবি নিৰ্মাতা সকলেও আশাৰ ৰেঙণি দেখাপালে৷ ছবি নিৰ্মাণ কৰি মুক্তি দিবলৈ এখন নতুন মঞ্চ বিচাৰি পালে৷ 

অসমীয়া ছবিৰ ইতিয়াহ বহু পুৰণি আৰু শক্তিশালী৷ ইয়াক আৰু অধিক শক্তিশালী কৰাৰ দায়িত্ব আমাৰ৷ আমি অসমীয়া ছবি চাব লাগিব আৰু ছবি নিৰ্মাতা সকলেও দৰ্শকে ভাল পোৱা ৰুচিবোধ সম্পন্ন ছবি নিৰ্মাণ কৰিব লাগিব৷ বিহু অসমীয়াৰ আবেগ৷ কিন্তু সেইবুলি ভাদ মাহত বিহুৰ ছবি এখন মুক্তি দিলে নহ’ব৷ ছবি নিৰ্মাতা সকলে দৰ্শকক উপযুক্ত সময়ত উপযুক্ত ছবি উপহাৰ দিয়ক৷ অসমীয়া ছবিৰ ভাদদিন ঘূৰি আহিছে৷ মাত্ৰ ইয়াক ধৰি ৰখাৰ দায়িত্ব আমাৰ৷ কেনেকৈ ধৰিলে আমাৰ মাজত থাকিব সেই কথা আমি নিজেই ভাবিব লাগিব৷ কিন্তু ভালদিন ঘূৰি আহক বুলি দৰ্শকে যিকোনো এখন ছবি চাবলৈ চিত্ৰগৃহলৈ কোনো কাৰণতেই নাযায়৷ ছবিখনৰ কাহিনী-চিত্ৰনাট্য, পৰিচালনা, কাহিনীৰ উপস্থাপন, দৃশ্যগ্ৰণ, সম্পাদনা দৰ্শকৰ মনোগ্ৰাহী হোৱাৰ লগতে প্ৰচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব৷ ভাল দিনবোৰ ধৰি ৰখাৰ চেষ্টা আমি সকলোৱে কৰিব লাগিব৷ 

No comments:

Post a Comment