PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA:এতিয়া পথাৰৰ লখিমী চপাই শেষ হোৱাৰ পিছত লগে ভাগে মিলাপ্ৰীতিৰে এসাঁজ উদৰ পুৰাই খোৱাৰ বতৰ । সেইয়ে ঢকুৱাখনাৰ কঢ়া নদীৰ পাৰৰ পথাৰত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি উজনি জালভাৰী গাৱঁৰ সকলো ৰাইজে মিলি পাতিলে জ্ঞাতিয়াল সবাহ আৰু ন- ভোজ । ঢকুৱাখনাৰ উজনি জালভাৰী গাৱঁৰ ৰাইজে তাহানিৰে পৰা আঘোণৰ শেষত লখিমী চপোৱাৰ অন্তত কঢ়া নৈৰ পাৰত জ্ঞাতিয়াল সবাহ পাতি আহিছিল বোপা-ককা দিনৰ পৰম্পৰা মানি,আৰু ২০০২ চনৰ পৰা এই সবাহৰ লগতে যোগ হল ন-ভোজ খোৱা
উৎসৱৰ। এই ন-ভোজ উৎসৱত গাওঁখনৰ উপৰিও চুবুৰীয়া -বামুণ গাওঁ,ভোৰতালচুক,মাজ জালভাৰী,খজুৱা,কঢ়াঘাট ইত্যাদি কেইবাখনো গাৱঁৰ লোকে অংশ লৈ ন-ভাত খায় সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই ।
No comments:
Post a Comment