ভূপেন্দ্ৰ দিৱস/পংকজ পৰাণ বৰ্মন

ভূপেন্দ্ৰ দিৱস

  ✍পংকজ পৰাণ বৰ্মন

বঙাইগাঁও চিলাৰায় উৰণীয়া সেতুৰ কাষতে ৰেলৰ মাটি দখল কৰি এজন মানুহে ঘৰ সাজিছিল। তেওঁৰ উৱলি যোৱা ঘৰটোৰ ভিতৰত এখন বিশেষ ফটো দেখিছিলোঁ। মানুহজন বঙালী ভাষী। কৌতুহল বশত মানুহ গৰাকীক সোধাত তেখেতে কৈছিল । ওচৰৰ মুকলি ঠাইখিনিত মানুহ গৰাকীৰ নামেৰে উদ্যান নিৰ্মান কৰাৰ কথা আছিল। ফটোখন আনি কামৰ শুভৰাম্ভ কৰিছিল । কিন্তু বহুদিন পিছত উদ্যানৰ কাম নকৰাত ফটোখন মাটিত পৰি বেয়া হৈ যাবলৈ ধৰাত ঘৰত ভৰাই থৈছিল। দুই বছৰ আগৰ কথাটো প্ৰতিবছৰে ভূপেনদাৰ জন্ম আৰু মৃত্যু তিথিত মনত পৰে।
অসম উৎসৱৰ দেশ। প্ৰতিটো দিনতেই অসমত উৎসৱ কিবা নহয় কিবা উৎসৱ এটা থাকেই। অসমত মহান ব্যক্তিৰ মৃত্যু আৰু জন্ম দিনবোৰ নিজে নিজেই উৎসৱৰ ৰূপ লয়। টিভিৰ কেমেৰা আৰু বাতৰি কাকতৰ সাংবাদিক থাকিলে উৎসৱ পালন কৰাটো সাৰ্থক হোৱা বুলি ভাবো। প্ৰকৃততে মানুহ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নে বাতৰিত নাম ওলাবলৈ আমি উৎসৱ পালন কৰো সন্দেহৰ বিষয়।
 ৫ নৱেম্বৰ তাৰিখে ভূপেনদাৰ মৃত্যু তিথি। দুই এঠাইত ৪ তাৰিখৰ পৰাই মৃত্যু তিথি পালন কৰা আৰম্ভ হৈছে। এই উৎসৱবোৰে এগৰাকী শিল্পীক জীয়াই ৰাখিব পাৰিবনে ? প্ৰতি বছৰেই শিল্পী দিৱস পালন কৰো। প্ৰতিবছৰেই ৰাভা দিৱস পালন কৰোঁ। অথচ আজিৰ প্ৰজন্মই জ্যোতি-বিষ্ণুক চিনিয়েই নাপায়।  গতিকে এই উৎসৱবোৰৰ সাৰ্থকতা কত? এইবোৰ উৎসৱ পালন কৰাৰ অৰ্থই বা কি? ভূপেনদাৰ ক্ষেত্ৰতো একেই হোৱা নাই বুলি কব পাৰিমনে?

ভূপেনদা মানুহৰ শিল্পী আছিল। জ্যোতি -বিষ্ণুৰ পিছত অসমীয়াক গানেৰে সকিয়াই দিয়া, ভৱিষ্যতৰ কথা কোৱা , মানৱতাৰ কথা কোৱা শিল্পী আছিল ভূপেনদা। তেওঁৰ গান সমূহ কেৱল গানেই নাছিল আছিল অসমীয়া জাতিৰ প্ৰতি একো একোটা বজ্ৰ কঠিন সকিয়নী। সেই কথাবোৰ আমি হৃদয়ংগম কৰিব পাৰিছোনে? প্ৰতিজন অসমীয়াই এবাৰ নিজকে প্ৰশ্ন কৰা দৰকাৰ। ভূপেনদাৰ দৰে সাগৰ বিশাল শিল্পী এগৰাকীক মাত্ৰ এটা বা দুটা দিন স্মৰণ কৰিয়েই জীয়াই ৰাখিব নোৱাৰি ।
আমি যদি প্ৰকৃততে শিল্পী গৰাকীক জীয়াই ৰাখিব খোজো তেন্তে তেওঁৰ স্মৃতিত সংগীত বিদ্যালয়, সংগীত মহাবিদ্যালয়ৰ স্থাপন নকৰো কিয়? যত গাঁৱে ভুঞে লুকাই থকা হেজাৰ হেজাৰ প্ৰতিভাক পোহৰৰ বাট দেখুৱাই দিব পাৰি। এই প্ৰতিভাৰ মাজতেই কিজানি লুকাই আছে অন্য কোনো ভূপেন দা। নাই বুলি কবতো নোৱাৰি । সেই সংগীত বিদ্যালয়বোৰত ভূপেনদাৰ গীতৰ চৰ্চা হ'ব। নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হব। মানুহৰ হৃদয়ে হৃদয়ে বিয়পি পৰিব ভূপেন দা। আমি ভাবিছোনে? মাথো আঙুলি মূৰত হিচাপ কৰি থাকো কেতিয়া আহিব জন্ম তিথি কেতিয়া আহিব মৃত্যু তিথি। টিভিত মুখ উলিয়াম। ৰাতিলৈ গান নাচৰ অনুষ্ঠান পাতিম। সংগীত প্ৰতিযোগিতা হ'ব পাৰিলে নিজৰ ল'ৰাটোক বা ছোৱালীজনীক পুৰস্কাৰ দিয়াম। পুৰস্কাৰ নাপালে চাহ দোকানে পান দোকানে কৈ ফুৰিম মোৰ ল'ৰাটোৱে ৰাইজৰ হাত চাপৰি বেছি পাইছিল। তথাপি পুৰস্কাৰ নাপালে । মোৰ ছোৱালীজনী অমুক সংগীত বিদ্যালয়ত সংগীত শিকে সেইখন বিদ্যালয়ৰ সমান ভাল সংগীত শিক্ষা কোনো সংগীত বিদ্যালয়ে দিব নোৱাৰে । তথাপি মোৰ ছোৱালীজনী পুৰস্কাৰ নাপালে। বা কিছুমানে ভাবি থয়  নাচিম আনন্দ কৰিম সুযোগ পালে গান এটাকে গাম। দৰকাৰ হ'লে মোটাকৈ বৰঙণি এটাই দিম।  বিকল্প কিবা চিন্তা কৰাৰ মানসিকতা আমাৰ আছেনে?
ভূপেন দা নামৰ যিগৰাকী শিল্পীক আমি লাভ কৰিছো সেই শিল্পী গৰাকীক শিল্পী হিচাপে গঢ়ি তোলা মানুহ গৰাকীৰ হ'ল কল্পনা লাজমী। যি গৰাকী নাৰীৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত ভূপেন দাক লাভ কৰিছো সেই গৰাকী নাৰীক আমি কেতিয়াবা সন্মান দিছোনে? যিগৰাকী নাৰীয়ে ভূপেনদাৰ বাবেই তিল তিলকৈ সকলো ত্যাগ কৰিছিল তেওঁক সন্মান দিছোনে? সেই নাৰী গৰাকীয়ে পাবলগীয়া সন্মানখিনিয়ে আমি দিব পৰা নাই। আৰু বেলেগ কিবা কৰিব পাৰিমনে? কেৱল দুটা দিন  ভূপেনদাৰ ফটোত চাকি জ্বলাই নাচ গান কৰাৰ বাহিৰে আমি একোৱেই কৰা নাই। পশ্চিম বংগত
দাই যি সন্মান পায় অসমত সিমান সন্মান পায়নে? অথচ ভূপেন দা অসমীয়া । অসমৰ বাবেই গান গালে ভূপেন দাই।

অসমৰ মাটি মানুহ নদ নদীৰ কথাই কৈ গ'ল গানেৰে গোটেই জীৱন।
 কেৱল জন্ম আৰু মৃত্যু দিৱস পালন কৰিয়েই আমি অসমীয়াই দায়িত্ব সামৰো। আমি অসমীয়া ইমানেই দুৰ্বল এগৰাকী শিল্পীৰ প্ৰতি থকা দায়িত্ব আমি পালন কৰিব নোৱাৰো । আমি অসমীয়াই এগৰাকী শিল্পীক জীয়াই ৰাখিবব নোৱাৰো।
শেষত কৈ থওঁ আমাক ভূপেন্দ্ৰ দিৱস নালাগে। যদিহে ভূপেন ভূপেনদাক প্ৰকৃত সন্মান দিৱই নোৱাৰোঁ।

No comments:

Post a Comment