–প্ৰাচুৰ্য্য প্ৰাণ কলিতা
“শৰতৰ শেৱালিৰ নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে,
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
মুকুতিৰ গীত গায় শৰালি জাকে। । “
ঋতু চক্ৰৰ হিচাপত শৰতৰ স্থান তৃতীয় আৰু সেই অনুসৰি ভাদ আৰু আহিন মাহত এই ঋতু পৰে। কিন্তু প্ৰকৃতিৰ বুকুৰ স্বাভাৱিক অৱস্থালৈ লক্ষ্য কৰি বহুতে আহিন আৰু কাতি মাহকহে শৰৎ কাল বুলি ধৰে। শৰতকালৰ আগমনৰ লগে-লগে জহ কম হৈ জাৰ-জহ দুয়োটা সমভাৱাপন্ন হয়। দিন-ৰাতিও প্ৰায় সমান হয়। চাৰিওফালে নিৰ্মল পৰিৱেশৰ উদ্ভব হোৱাৰ কাৰণে ৰোগ, ব্যাধি আদিও কমি যায়। সুনিৰ্মল আকাশত ছেগা-চোৰাকাকৈ দেখা দিয়া এচপৰা-দুচপৰা বগা মেঘৰ মাজেৰে পুৱা অৰুনৰ হেঙুলীয়া ৰহন সৰকি আহি আকাশখন মনোৰম কৰি তোলাৰ লগে লগে সমগ্ৰ ধৰাৰ বুকুত এটি মনোৰম সৌন্দৰ্য গঢ়ি তোলে। ৰাতি ফুলা শেৱালিয়ে দূবৰিৰ সেউজীয়া দলিচাত সৰগৰ ফুল বাছে। শৰৎ ধৰাৰ বুকুলৈ নামি আহে স্ৰষ্টাৰ শ্যামলিয়া ৰূপৰ মাধুৰ্য লৈ। পবিত্ৰতাৰে হৃদয় জুৰুৱা মধুময় আৱেশৰ বাংময়তালৈ।
শৰৎ প্ৰাকৃতিক পৰিৱেশত যিদৰে মনোৰমা, সেইদৰে সামাজিক ক্ষেত্ৰতো উৎসৱমুখৰ। বছৰৰ যিকেইটা ঋতুৱে প্ৰাকৃতিক জগতক ৰং ৰূপেৰে সজাই পৰাই মনোৰম আৰু মোহনীয়া কৰি তোলে। পৃথিৱীলৈ অপাৰ সৌন্দৰ্য কঢ়িয়াই আনি জীৱ জগত, জড় জগত সকলোতে আনন্দৰ, ৰঙৰ মেলা পাতি জগত জোনালীময় কৰি তোলে। সেই শৰৎ আৰু বসন্ত ঋতুতেই দুৰ্গা পূজা অনুষ্ঠিত হয়। দুৰ্গা পূজাই কঢ়িয়াই আনে আনন্দ-উচ্চ্বাস, উলহ-মালহ, প্ৰীতি আৰু মিলনৰ মধুৰ সমাৱেশ, অপৰিমেয় উৎসাহ-উদ্দীপনাৰ স্বতঃস্ফূৰ্ত আৰু জীৱন্ত প্ৰকাশ। জীৱনৰ ব্যৰ্থ-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলষু-কালিমা, সংকীৰ্ণতা আঁতৰাই সকলোৰে মনত পৰিস্ফুট হয় এক উৎসৱমুখৰ পাৰিৱেশ।
ইতিহাসৰ পাতত বিচাৰিলে আমি দেখা পাওঁ যে পোন প্ৰথমবাৰৰ বাবে সত্যযুগত সুৰখ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয়। মুনিৰ পৰামৰ্শ মতেই সুৰথ ৰজাই মধুময় বসন্তৰ পৰিৱেশত সৰ্বপ্ৰথম দুৰ্গা পূজা অনুষ্ঠিত কৰি দেৱীৰ প্ৰসাদ লভি শত্ৰুক পৰাভূত কৰে। বসন্তকালত অনুষ্ঠিত হোৱাৰ বাবে সেই পূজা বাসন্তী পূজা নামেৰে অভিহিত হয়। আনহাতে কৃত্তিবাসী ৰামায়ণৰ মতে ত্ৰেতাযুগৰ শ্ৰী ৰাম চন্দ্ৰই ৰাৱণক বধ কৰিবলৈ শান্তি লাভৰ কাৰণে অকালতে শৰৎকালত দুৰ্গাদেৱীৰ পূজাৰ আয়োজন কৰে।
আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাঅষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনা যায়। পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হোমৰ গোন্ধই, ডবা, কাঁহ, শঙ্খ, ঘণ্টাৰ সন্মিলিত সমলয়ে শৰতৰ সৌন্দৰ্য বৃদ্ধি কৰি শৰতক আৰু পৱিত্ৰ কৰি তোলে। লগতে মানুহৰ মনত সৃষ্টি কৰে গভীৰ আধ্যাত্মিকতাৰ। মানুহেৰে উদুলি-মুদুলি পূজা মণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয়। চাৰিওফালে মেলা সদৃশ পৰিৱেশ। কণ-কণ শিশুসকলৰ মনত অপাৰ আনন্দ। ৰঙা-নীলা বেলুনৰ মাজত নিজক বিলীন কৰাৰ হেঁপাহ।
দেৱতাৰ ৰক্ত বীজেৰে সৃষ্টি মহিষক নিপাতৰ অৰ্থে জন্ম হোৱা দেৱী দুৰ্গা এক শক্তিৰ প্ৰতীক। মহিষৰ দৰে দুষ্টক দমন কৰাই এই অদ্যশক্তিৰ মূল উদ্দেশ্য। ‘দ’ আখৰে দৈত্য নাশ, ‘ঊ’ কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’ আখৰে পাপনাশক আৰু ‘আ’ কাৰে ভয় তথা শত্ৰু নাশক। অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে, সেয়ে দুৰ্গা। দুৰ্গা দেৱীৰ নটা ৰূপ হৈছে— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণা, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী। দশ হস্তে দহ পাত শাণিত অস্ত্ৰ, সিংহৰ পিঠিত আৰোহণ কৰি তেওঁ পৰম পৰাক্ৰমি মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা। জগতৰ আদ্যশক্তি দুৰ্গাই দহ হস্তে অস্ত্ৰ লৈ দশো দিশৰ এই মহাবীৰ্যৱন্ত অসুৰ ৰূপী অশুভ শক্তিক দমন কৰি বিশ্ববাসীৰ মাজত মহাশক্তি প্ৰতিষ্ঠা কৰে। দেৱীৰ দহখন হাতত আছে শিৱই দিয়া ত্ৰিশূল, বিষ্ণুৰ চক্ৰ, ইন্দ্ৰৰ বজ্ৰ, গজ ঘণ্টা, বৰুণে দিয়া শঙ্খ, অগ্নিয়ে দিয়া যাঠি, বায়ুৱে দিয়া ধনু-কাঁড়, যমে দিয়া কালদণ্ড, ব্ৰহ্মাই দিয়া কমণ্ডলু আৰু ৰুদ্ৰাক্ষ। দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তি সমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে। তেওঁৰ সোঁফালে ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাওঁফালে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰ্ব শুক্লা আই সৰস্বতী আৰু বীৰ্যৱান দেৱতাসকলৰ সেনাপতি কাৰ্তিক।
ইয়াৰ উপৰিও এই শৰতকালতেই কালী পূজা, দ্বীপান্বিতা, কাতি বিহু, লক্ষ্মী পূজা আদি উৎসৱৰ লগতে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহা আনন্দৰে পালন কৰা হয়। কাতি বিহুত গধূলি তুলসীৰ তলত চাকি জ্বলোৱাৰ ফলত চাৰিওকাষৰ পৰিৱেশ পৱিত্ৰ হৈ পৰে। এই শৰৎ কালতে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ আৱিৰ্ভাব, কৃষ্ণৰ ঝুলন যাত্ৰা, গান্ধী জয়ন্তী, গুৰু নানক আদিৰ জন্ম হৈছিল। শৰতকাল অসমীয়া জাতিৰ আশাৰ স্বপ্ন ৰচনাৰ ঋতু। এই উৎসৱ সমূহৰ কাৰণে শৰৎ হিন্দু সকলৰ পৱিত্ৰ ঋতু। আশা কৰো শৰতৰ সৌন্দৰ্যতা আৰু পৱিত্ৰতা যুগেযুগে যুগগ্ৰামী হওক।
No comments:
Post a Comment