৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম শিশু-ভাওনা সমাৰোহ


PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA: আজিৰে পৰা ঢকুৱাখনাৰ বালি গাঁৱৰ নাট্য মন্দিৰত ৫ দিনীয়া  বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম শিশু-ভাওনা সমাৰোহ ও সত্ৰীয়া নৃত্য গীতৰ প্ৰতিযোগিতা। সেইয়ে আজি
উদুলি-মুদুলি আজি হৈ পৰিছে ঢকুৱাখনা বালি গাঁৱৰ নাট্য মন্দিৰৰ প্ৰাংগন । ৫০০প্ৰতিনিধি,হাজাৰ হাজাৰ শিশু-ভাওনা সমাৰোহ ও সত্ৰীয়া নৃত্য গীত প্ৰেমীক আদৰিবলৈ সাজু বালি গাঁৱৰ যুৱক-যুৱতী সকলৰ লগতে অই বাপ বৈষ্ণৱ সকল । সমাৰোহৰ কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰৰ পুৱা ৭ বজাত সমূহীয়া চাফাই কৰা পাছে ৮ বজাত পতাকা উত্তোলন কৰে ঢকুৱাখনা মণ্ডলিক সংঘৰ সভাপতি বিপিন বড়াই । ইয়াৰ লগে লগে নৰেণ বৰুৱা বাপজনাই শৰাই প্ৰতিষ্ঠা কৰা পাছতে  ৯ বজাত প্ৰসংগ আঁত ধৰে ধনেশ্বৰ বৰুৱাই আৰু নিশালৈ শিশু সকলে পৰিবেশন কৰা ভাওনা প্ৰতিযোগিতাৰ নাটক সমূহ মঞ্চস্থ হব ।

No comments:

Post a Comment