প্ৰচাৰ , চমকৰ অঘোষিত মহাৰণৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত থাকি দৰ্শকক উপহাৰ দিলে উৎকৃষ্টমানৰ নাটক
থিয়েটাৰ প্ৰাগজ্যোতিষৰ পতি পত্নী আৰু প্ৰেমিকা
-ধৃতিমান
ভ্ৰাম্যমাণত চমক আৰু ৰংবিৰঙৰ পোহৰ অবিহনেও যে প্ৰেক্ষাগৃহত দুঘণ্টা দৰ্শকক বহুৱাই ৰাখি দৰ্শকক হহুৱাব , কন্দুৱাব পাৰি তাকে প্ৰমাণ কৰি দিলে নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু থিয়েটাৰ প্ৰাগজ্যোতিষৰ প্ৰযোজক দ্বীপ দাসে ।অলপতে তেনে এখন নাটক উপভোগ কৰাৰ সৌভাগ্য হ'ল থিয়েটাৰ প্ৰাগজ্যোতিষৰ প্ৰেক্ষাগৃহত । ছা - পোহৰৰ লুকাভাকু , ৰং বিৰঙৰ পোহৰ অবিহনে সম্পূৰ্ণ কাহিনী আৰু অভিনয়ৰে পুৰ্ণ প্ৰেক্ষাগৃহৰ দৰ্শকক আত্মসন্তুষ্টি প্ৰদান কৰিলে থিয়েটাৰ প্ৰাগজ্যোতিষৰ অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা পতি পত্নী প্ৰেমিকাই ।৩৪ বছৰীয়া প্ৰাগজ্যোতিষৰ প্ৰেক্ষাগৃহত নাটখন উপভোগ কৰি অন্ততঃ এটা কথা প্ৰমাণ হল যে সচাকৈ কাহিনী নাটক আৰু অভিনয়ৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবেই আজি ৩৪টা বৰ্ষ থিয়েটাৰ প্ৰাগজ্যোতিষে দৰ্শকৰ মন জয় কৰিব পাৰিছে । তাৰ উপৰিও হিমাংশু দেৱ চৌধুৰীৰ অৰ্থবহ আৱহ সংগীত , বাবুল শইকীয়াৰ আলোকসজ্জাও নাটকখনৰ উল্লেখনীয় দিশ । সৰ্ব শেষত এটা কথা বিনাদিধাই কব পাৰি যে পতি
পত্নী প্ৰেমিকা নাটকখন প্ৰাগজ্যোতিষৰ দলীয় অভিনয় , নাটকখনৰ সফলতাৰ মেৰুদণ্ড | নাটক চাই ভালপোৱা প্ৰত্যেকজন দৰ্শকে একেমুখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে উৎকৃষ্টমানৰ নাটক দেখুৱালে থিয়েটাৰ প্ৰাগজ্যোতিষে । নাটকখনৰ এই সফলতাত আমি নাম লৱ লাগিব মঞ্চ চলচ্চিত্ৰৰ বলিষ্ঠ অভিনেতা দিব্যজ্যোতি দাস , মঞ্চ আৰু সৰু পৰ্দাৰ মোহময়ী অভিনেত্ৰী পাপৰি পাটগিৰি লগতে মুকিব আহমেদ , অৰুণ বৰদলৈ , অৰুণ ডেকা , ধ্ৰুৱ ৰাজগুৰু , হিৰু বৰঠাকুৰ , কৃষ্ণ কমল , সুদৰ্শনা গগৈ আদি ।

No comments:
Post a Comment