চখ পুৰণৰ বাবে এই মাধ্যমটোত প্ৰৱেশ কৰা নাছিল বাবেইটো আজি নামেই যাৰ পৰিচয়

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতাজনসুদীৰ্ঘ ১৬ বছৰীয়া এক বৰ্ণিল যাত্ৰ



চখ পুৰণৰ বাবে এই মাধ্যমটোত প্ৰৱেশ কৰা নাছিল বাবেইটো আজি নামেই যাৰ পৰিচয়

-ধৃতিমান

সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমাণৰ এজন বলিষ্ট অভিনেতা পৰাগ শৰ্মা ; থিয়েটাৰ ভাগ্যদেৱীৰ অভিজিৎ ভট্টাচাৰ্যৰ  AK 47 শীৰ্ষক নাটকখনৰ   যোগেদি এই মাধ্যমটোত ভুকুমি মাৰিছিল পৰাগ শৰ্মাই তাৰ পিছত ক্ৰমে আৱাহন থিয়েটাৰত ২ বছৰ , বৰদৈচিলাত ১ বছৰ , ৰাজশ্ৰীত ৩ বছৰ তাৰ পিছত আকৌ বৰদৈচিলা , দেৱৰাজ , আশীৰ্বাদ , ৰাজতিলক , কহিনুৰ চলিত  নাট্যবৰ্ষত বৃন্দাবন থিয়েটাৰৰ তিনিওখন নাটকতে তিনিটা শক্তিশালী চৰিত্ৰত অভিনয় কৰি আকৌ এৱাৰ তেখেতে প্ৰমাণ কৰি দিলে ভ্ৰাম্যমাণৰ এই অঘোষিত মহাৰণত আজিও অনন্য পৰাগ শৰ্মা ।চলিত বৰ্ষত বৃন্দাবন থিয়েটাৰৰ  "মহাষ্টমী" , "ৰজা ৰাণীৰ সংসাৰ" আৰু "সেন্দুৰ" নাটক তিনিওখনত শক্তিশালী অভিনয় প্ৰদৰ্শন কৰি দৰ্শক ৰাইজক দিলে এক নতুন স্বাদ ।
"দিনবন্ধু" , "অভিনেত্ৰী" , "মহাৰাণী" , "ৰামলীলা" , "বাগদাদৰ বাকদত্তা" , "কাবুলীৱালাৰ বিদেশী কইনা" , "বাজী" , "মা কছম" , "ৰাধা এবাৰ হাঁহি দে" , "মন্ত্ৰী আৰু মানুহ" , "মহাৰাজা"এই নাটককেইখনত তেখেতে কৰা বলিষ্ঠ অভিনয়ৰ কথা আজিও একেমুখে স্বীকাৰ কৰে অসমৰ ৰাইজে !!
অহা ২০১৮/১৯ নাট্যবৰ্ষত পৰাগ শৰ্মা চুক্তিবদ্ধ হৈছে অসমৰ আগশাৰীৰ নাট্যদল ৰাজতিলক থিয়েটাৰৰ সৈতে।

No comments:

Post a Comment