শুভ্ৰ ডাৱৰে ক’লে শৰতৰ বহু কথা

    ✎মাতু হাজৰিকা

ক’ৰোনাৰ ত্ৰাস। পৃথিৱীব‍্যাপি ক’ৰোনাৰ মহা সংহাৰ।  স্তব্ধ সময়। দিন বাৰ মাহ সকলো পাহৰি পেলোৱা সময়। এই সময়ত জীয়াই থকাৰ চিন্তাতকৈ অইন চিন্তা কৰাৰ অৱকাশ নাই। যিমান সম্ভৱ মানুহবোৰে নিজকে আৱদ্ধ কৰি ৰাখিছে। আপোন মানুহবোৰৰ পৰাও আঁ‌তৰি ফুৰিছে। একান্তই প্ৰয়োজন নহ’লে মানুহ ওলাই ক’লৈকো নাযায়।

    সময়ৰ গতিহীনতাৰ ৰসহীন আৱেলিৰ বুকুত ৰস বিচাৰি মাজে মাজে আবেলিৰ আকাশখনকেই চাওঁ। আজিও ব্যতিক্ৰম নহ’ল। আকাশলৈ মূৰ তুলি চালো। কি অপূৰ্ব! মেঘবোৰে যেন ৰং চটিয়াইছে। পৃথিৱীখন যেন ৰঙীন কৰি তুলিব। 

    প্ৰকৃতি মুক্ত। মানুহৰ বাবে সময় স্তব্ধ হৈ গ’লেও প্ৰকৃতিয়ে ৰূপ সলাবই। সেন্দূৰীয়া আকাশো তাৰেই প্ৰমাণ। 

শৰৎ আহিছে। মেঘত সেন্দূৰ ছটিয়াই তাৰেই ইংগিত দিছে। ইমান যে ধুনীয়া আবেলিৰ ৰঙ লৈ আহিছে। 

    শৰৎ আহিল। বাৰিষাৰ আমনিদায়ক সময়বোৰক নিৰ্বাসন দি শৰতে নৈপৰীয়া মানুহৰ বুকুত সুখৰ ছবি আঁকিবলৈ চেষ্টা কৰিছে। শৰতে আশ্বস্ত কৰিছে নৈপৰীয়া মানুহবোৰক। নৈয়ে আৰু নাভাগে সপোন। কঁহুৱা ফুলবোৰে যেন তাকেই কয় হালি-জালি। নৈপৰীয়া মানুহবোৰৰ বিশ্বাস জন্মিছে৷ হয় হয়, শৰৎ আহিছে শৰৎ...

    শৰত আহিল প্ৰকৃতিৰ বুকুলৈ এইবাৰো। শৰত মানেই শুকুলা মেঘৰ বিভিন্ন ৰূপ। কহুৱাৰ ফুল। দুৱৰিত নিয়ৰৰ টোপালে মুকুতা হৈ জিলমিলাই। 

শৰত মানেই শেৱালিৰ সুবাস

শৰত মানেই দুৰ্গা পূজা। 

    চিৰন্তন ৰীতিৰে, প্ৰকৃতি বিনন্দীয়া ৰূপেৰে উজ্জ্বলি উঠিল। যদিও ক’ভিড প্ৰটক’ল মানি চলিব লগা বাবেই জাকজমকতাৰ পৰা নিলগত ৰৈ গ’ল এইবাৰৰ দুৰ্গা পূজা। নাই কোনো উৎসৱমুখৰ পৰিৱেশ। তথাপি শৰৎ ঋতুৰ আগমনৰ লগে লগেই কহুৱাৰ হাঁহি বিয়পি পৰে নৈৰ পাৰে। শুভ্ৰ জোনাকত জিলিকি উঠে শেৱালি বকুল আৰু কত নিশাৰ ফুল। জোনাকৰ ৰাগিত মতলীয়া হয় গছ লতিকা। আৰু সেই জোনাকৰে ৰাগিত নিশা কানাইৰ বাঁহীৰ সুৰত মতলীয়া হয় বৃন্দাবন। 

    চোতালত শেৱালি ফুল সৰিল। তাহানিৰ কথাবোৰে বৰকৈ আমনি কৰে শৰতৰ দিনকেইটা। বিচনীখন লৈ চোতালত পাতি পাৰি ককা আইতাই সাধু কোৱা দিনবোৰ এতিয়া আমাৰ বাবে সাধুকথাই। কি নাছিল সেই সাধুবোৰত। ৰামায়ণৰ কথা, মহাভাৰতৰ কথা আৰু কিমান যে কি। প্ৰতিটো সাধুৰ অৱশ্যে এটাই উদেশ্য আছিল। ভাল কামৰ প্ৰতি ল’ৰা ছোৱালীবোৰক আগ্ৰহ জন্মোৱা। তাহানিৰ শৰতৰ আমেজ টিভিৰ ৰূমত বহি কাৰ্টুন চাই কেতিয়াও পাব নোৱাৰি। 


No comments:

Post a Comment