বিশ্ব দৰবাৰত দেশক জিলিকাই তোলা চিনেমা


দেৱাশিষ প্ৰতাপঃ ভাৰতীয় চলচ্ছিত্ৰ জগতৰ পুৰোধা ব্যক্তি দাদাচাহেব ফালকেই কুৰি শতিকাৰ দ্বিতীয়টো দশকত পুৰাণৰ দৰে ধৰ্ম গ্ৰন্থৰ পৰা লোৱা কাহিনীৰ আধাৰত নিৰ্মাণ কৰিছিল এখনৰ পাছত আন এখন ছবি৷ তেওঁৰ ‘লংকা দহন’ ছবিখনেই হৈছে বক্স অফিচৰ সফল প্ৰথমখন ভাৰতীস ছবি৷ মুম্বাইৰ এটা চিত্ৰগৃহত পুৱা ৭ বজাৰ পৰা মধ্য ৰাতি পৰ্যন্ত কেইবামাহ ধৰি ছবিখন চলিছিল৷ ৰামায়ণ, মহাভাৰতৰ বিভিন্ন অংশৰ পৰা অনুপ্ৰাণিত হৈ একাধিক হিন্দী ছবি নিৰ্মাণ হৈ থকাৰ সময়তে ১৯২১ চনত নীতিশ লাহিড়িৰ পৰিচালনাত নিৰ্মিত ‘বিলাত ফেৰৎ’ নামৰ বাংলা ভাষাৰ ছবিখনে হৈ চৈ সৃষ্টি কৰে৷ ছবিৰ বিষয়বস্তু আৰু কাহিনী আছিল আনবোৰ ছবিতকৈ সম্পূৰ্ণ পৃথক৷ ভাৰতীয় চলচ্ছিত্ৰৰ ইতিহাসত এইখনেই প্ৰথমখন প্ৰেমৰ ছবি৷ ‘বিলাত ফেৰৎ’ মুক্তি পোৱাৰ দুবছৰ পূৰ্বে ১৯১৯ চনৰ ৮ নৱেম্বৰত নিৰ্মাণ কৰা হয় প্ৰথমখন বাংলা ভাষাৰ ছবি ‘বিল্‌বমঙ্গল’৷ 
    কৰ্নৱালিছ থিয়েটাৰত ছবিখন প্ৰদৰ্শনৰ যোগেদি সূচনা হয় বাংলা ছবিৰ ঐতিহাসিক যাত্ৰা৷ ১৯৩১ চনত ‘জামাই ষষ্ঠী’ ছবিৰ যোগেদি আৰম্ভ হোৱা সবাক বাংলা ছবিৰ ধাৰা আজি এনে পৰ্যায়ত উপনীত হৈছে যে বাংলাদেশ আৰু দেশৰ আন আন প্ৰান্ততো সমান্তৰাল কলাত্মক ছবিৰ আন্দোলনত আগবঢ়াই নিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰি আছে বাংলা ছবিয়ে৷ ভাৰতত পেৰেলেল চিনেমাৰ ধাৰা বাংলা ছবিজগতৰ পৰাই আৰম্ভ হৈছিল৷ ১৯৫৫ চনত ‘পথেৰ পাঁচালি’ৰ জৰিয়তে প্ৰয়াত সত্যজিৎ ৰায়ে বিশ্ব দৰবাৰত নিজৰ স্ববীয়তা প্ৰতিপন্ন কৰে৷ ঋত্বিক ঘটক, মৃণাল সেনৰ দৰে স্বনামধন্য পৰিচালকে আন আন আঞ্চলিক ভাষাৰ ভাৰতীয় ছবিৰ তুলনাত বাংলা ছবিৰ উচ্ছ আসনত প্ৰতিষ্ঠা কৰে৷ অনন্য বিষয়ভাৱনাই বাংলা ছবিক কেইবা যোজন আগুৱাই নিয়ে৷ মূল সূঁতিৰ ব্যৱসায়িক ছবিৰ ক্ষেত্ৰতো পিছ পৰা নহয় বাংলা ছবি উদ্যোগ৷ যোৱা শতিকাৰ ত্ৰিশৰ দশকতে প্ৰথমেশ বৰুৱা, কানন দেৱী, দেবসী বসু, কে এল ছাইগল, নীতিন বসু, বিমল ৰায়, পংকজ মল্লিক, প্ৰভৃতি অনেকই সন্মিলিত প্ৰচেষ্টাৰে বাঙালী চিনেমাৰ উত্তৰণৰ যুঁজখন চলাই নিছিল৷ সেই যুঁজ যে ফলপ্ৰসূ হৈছিল সেইটো বুজা যায় ১৯৩২ চনত মুক্তি পোৱা ‘চণ্ডিদাস’ ছবিখন চালে৷ এই ছবিত ছাউণ্ড ৰেকৰ্ডিং আৰু বেকগ্ৰাউণ্ড স্বৰৰ দুৰ্দান্ত ব্যৱহাৰ দেখা যায়৷ ১৯৩৫ চনত ‘ভাগ্য চক্ৰ’ ছবিত নেপথ্য গায়ক আনি একপ্ৰকাৰ আলোড়ন সৃষ্টি কৰে নীতিন বসুৱে৷ ‘আলিবাবা’ আৰু ‘ৰাজনৰ্তকী’ ছবিত আমদানি কৰা হয় মিউজিকেল অপেৰা ষ্টাইল৷ প্ৰাক-স্বাধীনতা যুগত বাংলা ছবিৰ প্ৰথম ষ্টাৰ আছিল প্ৰথমেশ বৰুৱা৷
তেওঁৰ হাতত ধৰিয়ে মেল’ড্ৰামা আহে বাঙালী চিনেমালৈ৷ 
    ভাৰতবৰ্ষই স্বধীনতা লাভ কৰা বছৰটোতে সত্যজিৎ ৰায়ে কলকাতত গঠন কৰে কলকাতা ফিল্ম ছচাইটী৷ তেতিয়াই ভাৰতীয় চলচ্ছিত্ৰৰ দুটা স্মষ্ট ভাগ হয়– মূলসুঁতিৰ ব্যৱসায়িক আৰু সমান্তৰাল ছবি৷ পঞ্চাশৰ দশকৰ সময়ছোৱাক সাধাৰণ অৰ্থত চলচ্ছিত্ৰৰ(ভাৰতীয়) স্বৰ্ণযুগ বুলিব পাৰি৷ ছবিৰ ধাৰা, বিষয়, প্ৰয়োগ এই সকলোবোৰক লৈ নতুন সম্পতীক্ষা চলিবলৈ ধৰে৷ ১৯৪৮ চনত ‘দৃষ্টিদান’ ছবিৰ যোগেদি আত্মপ্ৰকাশ ঘটোৱা উত্তম কুমাৰ মহানায়কত পৰিণত হয়৷ চিত্ৰমোদীক তেওঁ বুজাই দিয়ে ৰোমাণ্টিচিজমৰ অৰ্থ৷ বাংলা ছবিৰ বিষয়ে আলোচনা কৰোঁতে কেতিয়াও উপেক্ষা কৰিব পৰা নাযায় অভিনেত্ৰী সুচিত্ৰা সেনক৷ উত্তম-সুচিত্ৰাই হৈছে বাংলা ছবিৰ প্ৰথম ৰোমান্টিক যুটি৷ ‘মিচেছ সেন’ ৰূপে খ্যাত সুচিত্ৰাৰ যাদু তেওঁৰ মৃত্যুৰ পিছতো শেষ হোৱা নাই৷ 
    মাত্ৰ দহ বছৰ বয়সতে জয়দেৱ’ ছবিত অভিনয় কৰা কানন দেৱী বাংলা ছবিৰ ফাষ্ট লেডী৷ গান গোৱাৰ পৰা অভিনয়লৈকে উভয়তে তেওঁ আছিল অনন্যা৷ ১৯৭৫ চনৰ পৰা বাংলা ছবিজগতৰ অতীত গৰিমা লাহে লাহে ম্লান হোৱাৰ উপক্ৰম হয়৷ ছবি নিৰ্মাণ কৰা সা-সমগ্ৰীৰ মূল্য হঠাৎ বৃদ্ধি পোৱাত ক্ষতিগ্ৰস্ত হয় ছবি উদ্যোগ৷ নব্বৈৰ দশকত কমাৰ্চিয়েল ছবিৰ বজাৰ একেবাৰে মন্দা হৈ পৰে৷ সেই সময়ত বাংলাদেশী ছবিৰ প্ৰভাৱ বৃদ্ধি পায়৷ তাৰমাজতে ‘বেদেৰ মেয়ে জ্যোৎস্না’ৰ দৰে ছুপাৰহিট ছবিয়ে পুনৰ দৰ্শকক চিত্ৰগৃহলৈ ওভতাই নিয়ে৷ একবিংশ শতিকাত হৃত গৌৰৱ উদ্ধাৰৰ প্ৰচেষ্টাৰে ধাবমান হয় বাংলা ছবি উদ্যোগ৷ ২০০২ চনত নৱাগত জিৎ অভিনীত ‘সাথী’ ছবিখন আৰু এই ছবিৰ গীত ইমানেই জনপ্ৰিয় হয় যে বক্স অফিচৰ পূৰ্বৰ সকলো এভিলেখ ভঙ্গ কৰে৷ টলিউডে লাভ কৰে নতুন ছুপাৰষ্টাৰ৷ ২০০৮ চনত ৰাজ চক্ৰৱৰ্তীৰ ‘চিৰদিনেই তুমি যে আমাৰ’ আৰু ২০০৯ চনত ‘চেলেঞ্জ ’ ছবিখলে সাফল্যৰ বতৰা কঢ়িয়াই আনে৷ চিত্ৰপ্ৰেমীয়ে ছবি উপভোগ কৰিবলৈ চিত্ৰগৃহত ভিৰ কৰে৷ এতিয়া নিৰ্মাণ হোৱা বাংলা ছবিবোৰৰ বৰ্হিদৃশ্য গ্ৰহণ কৰা হয় আইলেণ্ড, মিছৰ বা কেপটাউনৰ দৰে ঠাইত৷ আটাইতকৈ ডাঙৰ কথা হৈছে একোখন ছবিৰ বাজেট হয়গৈ ১৫-১৬ কোটি টকা৷ ইমান বৃহৎ পৰিমাণৰ ধন ৰাশি ব্যয় কৰি নিৰ্মাণ কৰা বাঙালী ছবি চিত্ৰগৃহত নচলি পাৰেনে? মনোৰঞ্জনৰ বাবে দীৰ্ঘসময় চিত্ৰগৃহত কটাবলৈ যোৱা সাধাৰণ দৰ্শক স্বাভাৱিকতে তৃপ্ত হয়৷ বিগ বাজেটৰ হিন্দী ছবিতকৈ অধিকাংশ বাংলাভাষী দৰ্শকে এখন ভাল বাংলা ছবি চাবলৈহে আগ্ৰহ প্ৰকাশ কৰে৷ পেৰেলেল চিনেমাৰ ক্ষেত্ৰতো ঋতুপৰ্ণ ঘোষ, সন্দীপ ৰায়, গৌতম ঘোষ আদি অনুভৱী পৰিচালকৰ ছবিয়ে মন ভৰাই তোলে৷ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত মিথুন চক্ৰৱৰ্তীৰ দৰে অভিনেতাই বলিউডৰ পৰা আহি টলিউডত এই বয়সতো দপদপাই আছে৷ হিন্দী ছবিৰ পিছতে আমাৰ দেশত বোধহয় তামিল আৰু বাংলা ছবিৰ সেই বিখ্যাত সংলাপ ‘‘একদিন তুমি দেশেৰ মুখ উজ্বল কৰবে/ইউ উইল বাৰ্ন দ্য ফেচ অব দ্য কান্ট্ৰি!’’ৰ দৰেই নিৰ্দ্বিধাই ক’ব পাৰি – বিশ্বদৰবাৰত ভাৰতীয় চলচ্ছিত্ৰক জিলিকাই তুলিছে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কেইখনমান বাংলা ছবিয়ে৷ 

No comments:

Post a Comment