গুৱাহাটী: বুধবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে ৬ষ্ঠ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল। গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আৰম্ভ হোৱা এই চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰিব অহা ১ ডিচেম্বৰত। এইবাৰৰ চাৰিদিনীয়া এই মহোৎসৱত অংশগ্ৰহণ কৰিব জনপ্ৰিয় অভিনেতা বোমন ইৰাণী, শকুন বাট্ৰা, শ্বাহনাব আলম, ৰণী লাহিৰী আদিয়ে। এইবাৰৰ চলচ্চিত্ৰ মহোৎসৱত ভালেমান বিশ্বপ্ৰসিদ্ধ চলচ্চিত্ৰ প্ৰদৰ্শনৰ উপৰিও ভালেমান অন্তৰংগ আলাপ, আলোচনাচক্ৰ, চলচ্চিত্ৰ সম্পৰ্কীয় কুইজ আদিৰো আয়োজন কৰা হৈছে।
এইবাৰৰ ছবি মহোৎসৱত ভাৰতৰ বিভিন্ন স্থানৰ ছবি প্ৰদৰ্শিত হ’ব। আৰম্ভণি ছবি হিচাপে প্ৰদৰ্শিত হ’ব শ্ৰীৰাম ডেল্টন পৰিচালিত Spring Thunder। প্ৰথমটো দিনতে পৰিচালকৰ লগতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা শিল্পী ৰবি শ্বাহে এক সংবাদমেলতো অংশগ্ৰহণ কৰিব। মহোৎসৱৰ আদৰণি ভাষণ আগবঢ়াব মহোৎসৱৰ অধ্যক্ষ তনুশ্ৰী হাজৰিকাই।
মহোৎসৱৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হ’ব শ্ৰীৰাম ডেল্টন পৰিচালিত Spring Thunder, য’ত উন্নয়ন আৰু স্থায়ীত্বক কাৰক হিচাপে লৈ ভাৰতৰ গ্ৰাম্য সমাজৰ পটভূমিত নিৰ্মাণ কৰিছে অনবদ্য ছবি। বিহাৰৰ ইউৰেনিয়াম খনি এই ছবিৰ আধাৰ, য’ত আছে অপৰাধ, ৰাজনীতি, প্ৰতিশোধ আদিৰ অনন্য সংমিশ্ৰণ। এই ছবিখনত দেখুওৱা হৈছে ১ লাখ জনজাতীয় লোকে তেওঁলোকৰ পানী, মাটি আৰু বনভূমি ৰক্ষাৰ বাবে কৰা সংগ্ৰামৰ এখন জীয়া ছবি। ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ছবিনিৰ্মাতা শ্ৰীৰাম ডেল্টনে এই ছবিখন দুই শতাধিক কৰ্মীৰে নিৰ্মাণ কৰি উলিয়াইছে তিনি বছৰত। বিশিষ্ট সংগীতশিল্পী লেজলি লুইজে সংগীত পৰিচালনা কৰিছে এই ছবিত। ছবিখন হিন্দী ভাষাত নিৰ্মাণ কৰা হৈছে যদিও চাৰিটা আন আন পূৱ ভাৰতীয় ভাষালৈও তৰ্জমা কৰা হৈছে। ইয়াত সন্নিৱিষ্ট আছে প্ৰাচীন জনজাতীয় ভাষা কুড়কো।
চাৰিদিনীয়া এই ছবি মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া ছবিসমূহৰ ভিতৰত অন্যতম হৈছে What Will People Say, Devil, Nani Teri Morni, Ralang Road, Rockumentary: Evolution of Indian Rock, চোৰ – দ্য বাইচাইকেল, এন্ধাৰৰ ভেটা ভাঙি....(Breaking the Cocoon), দো কাপ চাই, Adi- At The Confl uence, The Lost Idea, IYE : The Others। মহোৎসৱৰ অন্তিমখন ছবি হিচাপে প্ৰদৰ্শিত হ’ব অনুপম কৌশিকৰ অসমীয়া ছবি বৰনদী ভটীয়ায়। মাজুলীৰ এক কৰুণ কাহিনীৰ আলমত নিৰ্মাণ কৰা এই ছবিত আছে, প্ৰেম, কাৰুণ্য আৰু সংগ্ৰামৰ অনবদ্য গাঁথা।
No comments:
Post a Comment