৭গৰাকী শিপিনীক সৰ্ম্বধনা
উজ্জ্বল জোতি ডেকা, মঙলদৈ ৭ আগষ্ট :- জাতিৰ পিতা মহাত্মা গান্ধীৰ বিদেশী বস্ত্ৰ বৰ্জনৰ আহবানক সহাৰি জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ পৰা দেশজুৰি ৭ আগষ্টত উদযাপন কৰি অহা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে দৰঙ জিলাতো উদযাপন কৰা হয়। দৰং জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদোগত উদযাপন কৰা চতুৰ্থ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ এখন সভাত উপস্থিত থাকি দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলাখনৰ জিলাখনৰ শিপিনী সকলক নিজৰ ভৰিত থিয় দি স্ব-নিৰ্ভৰশীল জীৱন আৰম্ভ কৰিবলৈ আহবান জনায়। জিলাখনৰ মহিলাসকল ত্যাগী আৰু কষ্ট কৰিবপৰা বুলি নিজৰ ভাষণত উল্লেখ কৰে। জিলাখনৰ শিপিনী সকল সংঘবদ্ধ হৈ সমূহীয়া পদ্ধতিত কাপোৰ কাপোৰ বোৱা এক সংগ্ৰাম আৰম্ভ কৰিবলৈকো অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আহবান জনাই। হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তগৰাকীয়ে চলিত বৰ্ষত জিলাখনৰ শিপিনী সকলে উৎপাদন কৰা থলুৱা গামোছা
বিক্ৰী কৰি মাত্ৰ ৫ দিনত ৫ লাখ টকা উৰ্পাজন কৰা বুলি সভাখনত উল্লেখ কৰি অহাবৰ্ষত ৫ হাজাৰ গামোছা উৎপাদন কৰি ৫০ লাখ টকা উপাৰ্জন কৰাৰ বাবে তৎপৰতা চলোৱা বুলি ব্যক্ত কৰি শিপিনী সকলৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে পংকজ চক্ৰৱৰ্তীয়ে। জিলা হস্তঁতাত বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক বিপুল কলিতাই আতঁধৰা সভাখনৰ জিলা উন্নয়ণ আয়ুক্ত চুইটি গগৈ কলিতা, দৰং জিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী, সাধাৰণ সম্পাদিকা শেৱালি গোস্বামী কলিতা, সম্পাদক মুকুন্দ ডেকা, বন্ধন বেংকৰ পৰিচালক দীপ্ত দাস, জিলা অগ্ৰণী বেংক বিষয়া উপস্থিত থকা সভখনত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিপিনী হেমপ্ৰভা কলিতা , সোমেশ্বৰী বড়ো, বিনীতা ডেকা, স্বৰ্ণা দেৱী, মালতী দেৱী ডেকা, মামণি ডেকা, চুফিয়া খাতুন, চিনু ডেকা, কল্পনা নাথ, শকুন্তলা দাস, নিৰ্মলা দাস, লাবণ্য দাসক হস্তঁতাত বস্ত্ৰ বিভাগৰ পৰা প্ৰসংশা প্ৰত্ৰ বিতৰণ কৰে।

No comments:
Post a Comment