বিনামূলীয়া আইনী পৰামৰ্শ কেন্দ্ৰ


গুৱাহাটী, ৫ জনুৱাৰীঃ মানৱ অধিকাৰ আৰু ভ্ৰষ্টাচাৰ বিৰোধী মঞ্চৰ অসম ৰাজ্যিক কাৰ্যবাহী কাউন্সিলে গুৱাহাটীত অসহায় নাগৰিকসকলৰ কাৰণে বিনামূলীয়া আইনী পৰামৰ্শ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিছে। গুৱাহাটীৰ শঙ্কৰদেৱ কলেজ অৱ এলাইড চায়েন্সৰ তৃতীয় মহলাত অহা ১১ জানুৱাৰীৰ দিনা দিনৰ ১১ বজাত পিছপৰা আৰু অসহায় নাগৰিকৰ বাবে এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বুলি অনুষ্ঠানটোৰ ৰাষ্ট্ৰীয় সভাপতি সৰ্বানন্দ শৰ্মাই জানিবলৈ দিছে। সেইদিনাৰ পৰা চৰকাৰী বন্ধৰ বাদে কাৰ্যালয় খোলা থকা যিকোনো দিনত কেন্দ্ৰটোৱে সকলোপ্ৰকাৰ আইনী পৰামৰ্শ বিনামূলীয়াকৈ আগবঢ়াব। এই পৰামৰ্শ কেন্দ্ৰটোৰ সৈতে ৰাজ্যখনৰ কেবাগৰাকীও অধিবক্তাৰ উপৰিও শ্ৰীশৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। অসমৰ যিকোনো জিলাৰ জাতি-বৰ্ণ-সম্পৰদায় নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকে এই পৰামৰ্শ কেন্দ্ৰটোৰ জৰিয়তে লাভবান হ’ব বুলি আশা কৰা হৈছে। কেন্দ্ৰটোৰ সৈতে জড়িত হ’ব খোজা আৰু কেন্দ্ৰটোৰ যোগেদি আইনী সাহায্য লাভ কৰিব বিচৰা ব্যক্ৰিসকলে আগতীয়াকৈ কেন্দ্ৰটোৰ তত্ত্বাবদায়ক শ্ৰীমীনাক্ষী দেৱীৰ সৈতে ৭০০২৫৭৭৭৬১ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে।

No comments:

Post a Comment