সাম্প্ৰতিক সময়ৰ এজন জনপ্ৰিয় এক্সন পৰিচালক, অভিনেতা হৈছে নৱদীপ মেধি । নৱদীপ মেধিৰ সু পৰিচালনাত চিনেমা আৰু ভ্ৰাম্যমাণৰ শিল্পী সকলৰ দুৰ্দান্ত ফাইটিংয়ে অধিক মনোগ্ৰাহী কৰি তুলিছে এই দিশটোক ।
চিনেমা আৰু ভ্ৰাম্যমানৰ লাগতিয়াল দিশটোক আৰু অধিক অাকৰ্ষনীয় কৰি তুলিছে তেখেতে ।
একেৰাহে তেখেতে অসমত এক্সনৰ স্থিতি মজবুত কৰাৰ বাবে অভিনেতা অভিনেত্ৰী সকলক মাৰ্ছিয়েল আৰ্টছৰো প্ৰশিক্ষণো দি আহিছে ।
কামৰূপ জিলাৰ হাজোৰ ৰামদিয়াত জন্মগ্ৰহণ কৰা মেধিয়ে সৰুৰে পৰা মনত এটা সপোন পুহি ৰাখিছিল এজন সফল অভিনেতা আৰু এক্সন পৰিচালক হোৱাৰ । পৰিৱৰ্তনশীল সময়ৰ বোকোচাত উঠি তেখেত আগুৱাই গল আৰু বৰ্তমান সময়ৰ হৈ পৰিক এজন সফল এক্সন পৰিচালকৰ লগতে সু অভিনেতা ।
সৰুতে ভাওঁনাত কৃষ্ণ আৰু অৰ্জুনৰ ভাঁও লোৱা মেধিয়ে ২০০২ চনত জীৱনৰ প্ৰথমখন নাটক কৰিছিল নাম আছিল "অপহৰণ" , আৰু ২০০৪ চনত তেখেতে "শপত" শীৰ্ষক নাটকখনত অভিনয় কৰিছিল । আকৌ
২০১১ চনত বিশিষ্ট পৰিচালক বাহাৰুল ইছলামৰ পৰিচালনাত জুলিয়াছ চিজাৰ নাটকখনত অভিনয় কৰিছিল ।
মেধিয়ে জাপানিছ মাৰ্চিয়েল আৰ্টছ ত ব্লেকবেল্টৰ প্ৰথম ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে বলিউডৰ সৰ্বাধিক জনপ্ৰিয় অভিনেতা চিহান অক্ষয় কুমাৰৰ অধীনত সু প্ৰশিক্ষণ গ্ৰহন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।
কুডোত তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক পাবলৈও সক্ষম হয়।
২০১১ চনত পৰিচালক মৃদুল ভূঞাৰ পৰিচালনাত "শুকুলা মেঘৰ চা" নামৰ ধাৰাবাহিকখনত অভিনয় কৰে ।
প্ৰথমখন ধাৰাবাহিকতে নিজৰ প্ৰতিভাৰ প্ৰমাণ দিয়া নৱদীপ মেধিয়ে "কাল" , "নিনাদ" , "অপৰাজিতা" আদি ধাৰাবাহিকত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় ।
প্ৰতিভাসম্পন্ন এইগৰাকী শিল্পীয়ে "সংকল্প" , "জাৰজ" , "মহাযোদ্ধা" , "অহেতুক" , "সঁচা প্ৰেম" , "ডেউকা" আদি বিভিন্ন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে । লগতে ইয়াৰে "মহাযোদ্ধা" , "সঁচা প্ৰেম" "সংকল্প" আৰু "ডেউকা"ত অভিনয়ৰ লগতে তেখেতে এক্সনো পৰিচালনা কৰিছে ।
২০১৩ চনত "মহাযোদ্ধা" শীৰ্ষক অসমীয়া চিনেমাখনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে এক্সন পৰিচালক হিচাপে কাম কৰে ।
লগতে একেটা বছৰতে ৰামধেনু থিয়েটাৰৰ "নিলাজ নিশাৰ চিঞৰ" নাটকখনত এক্সন পৰিচালনা কৰি ভ্ৰাম্যমানত খোজ পেলাইছিল ।
তাৰ পৰা ক্ৰমান্বয়ে থিয়েটাৰ ভাগ্যদেৱী , কহিনুৰ থিয়েটাৰ , আৱাহন থিয়েটাৰ , ইতিহাস থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ , থিয়েটাৰ সূৰ্য্য , ৰাজশ্ৰী থিয়েটাৰ ইত্যাদি অসমৰ আগশাৰীৰ নাট্যদলত এক্সন পৰিচালক হিচাপে কাম কৰে।
যতীন বৰা , ৰবি শৰ্মা , ৰাগ ঐনিতম , উৎপল দাস , ৰাজকুমাৰ , অৰুপ বৰা , অৰুপ বৈশ্য , দিব্যজ্যোতি দাস , ৰাতুল দাস , গুঞ্জন , পৰাগ শৰ্মা , চিন্ময় কটকী আদি ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতাৰ সৈতে কাম কৰা নৱদীপ মেধিয়ে এইবর্ষত বৃন্দাবন থিয়েটাৰ , থিয়েটাৰ ভাগ্যদেৱী , বৰদৈচিলা থিয়েটাৰ , ইতিহাস থিয়েটাৰ আৰু থিয়েটাৰ প্ৰাগজ্যোতিষত এক্সন পৰিচালনা কৰিছে।
২০১৬/১৭ নাট্যবর্ষৰ ৰাজশ্রী থিয়েটাৰৰ "কলংকিনী নায়িকা" নাটকখনৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ সামাজিক - সাংস্কৃতিক অনুষ্ঠান নেবকছ পৰা শ্ৰেষ্ঠ এক্সন পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় । লগতে এইবৰ্ষটো "এচেৰেঙা ৰদালি" নামৰ সাংস্কৃতিক অনুষ্ঠানটোৱে বৃন্দাবন থিয়েটাৰৰ মহাষ্টমী নাটকখনৰ বাবে তেখেতেলৈ আগবঢ়াই শ্ৰেষ্ঠ এক্সন পৰিচালকৰ বঁটা।
No comments:
Post a Comment