বৰ্হমথুৰি ডেস্ক, গুৱাহাটী: আহোম সম্প্ৰদায়ৰ পবিত্ৰ চিহ্ন “ঙাও চেং বং ফু-ৰা”ক অসমৰ এক ৰাজ্যিক চিহ্ন হিচাপে গ্ৰহণ কৰাৰ এক দাবী তুলিছে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে৷ চচিয়েল মীডিয়াৰ যোগেৰে বিগত কিছুদিনৰ পৰা বিভিন্নজনে এই চিহ্নটোক ৰাজ্যিক চিহ্ন হিচাপে গ্ৰহণ কৰাৰ বাবে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ ওচৰত দাবী জনোৱা পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে, কেৱল আহোম সম্প্ৰদায়ৰেই নহয়, আন আন বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিয়েও এই পবিত্ৰ চিহ্ন “ঙাও চেং বং ফু-ৰা”ক অসমৰ ৰাজ্যিক চিহ্নসমূহৰ মাজৰ এক চিহ্ন হিচাপে গণ্য কৰাৰ পক্ষত থিয় হৈ মতামত আগবঢ়োৱা দেখা গৈছে৷ বিভিন্নজনে মত আগবঢ়াইছে যে, স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা,আধুনিক অসমৰ ভেঁটি স্থাপন কৰা আহোম ৰাজবংশৰ সাহস,বীৰত্বৰ ধ্বজাবাহক এই পবিত্ৰ চিহ্ন “ঙাও চেং বং ফু-ৰা”ক ৰাজ্যিক চিহ্নৰূপে গণ্য কৰি আহোমসকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি সন্মান জনোৱাটো চৰকাৰৰ দায়িত্ব৷ সেয়েহে অহা ৩১ডিচেম্বৰত পবিত্ৰ “মে-ডাম-মে-ফী”ৰ দিনটোতেই এই পবিত্ৰ চিহ্ন “ঙাও চেং বং ফু-ৰা”ক অসমৰ এক সন্মানীয় ৰাজ্যিক চিহ্ন হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জনায় বিভিন্নজনে৷
আহোম সম্প্ৰদায়ৰ পবিত্ৰ চিহ্ন “ঙাও চেং বং ফু-ৰা”ক এক ৰাজ্যিক চিহ্ন হিচাপে গণ্য কৰাৰ দাবী বিভিন্নজনৰ

Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment