ভ্ৰাম্যমাণৰ নৱগতা শিল্পী

সুকন্যা ৰাজগুৰু 


-ধৃতিমান

বৰ্তমান সময়ৰ সাংস্কৃতিক জগতখনৰ এটা সকলোৰে পৰিচিত নাম সুকন্যা ৰাজগুৰু ।
সৰুৰে পৰা  অভিনেত্ৰী হোৱাৰ লক্ষ্য আগত ৰাখি সুকন্যাই ৫ বছৰ বয়সতে  জিন্টুমণি কলিতাৰ নাটক ''সোঁত"ত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল । 
পিছলৈ ৰেপ্লিকা ,  শিল্প , নেপথ্য , যোৰহাট থিয়েটাৰ আদি নাট্যদলৰ লগত জড়িত হৈ ভিন্ন পৰা প্ৰান্তত নাটক প্ৰদৰ্শন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে পোনপ্ৰথমবাৰৰ বাবে প্ৰস্তুতি পৰাশৰৰ "বিন্দাছ'' শীৰ্ষক ধাৰাবাহিকখন যোগেদি অসমীয়া ধাৰাবাহিকত ভূমুকি মাৰে ।
বিন্দাছ চিৰিয়েলৰ যোগেদি অসমৰ দৰ্শকৰ মনত সাঁচ বহুৱাব পৰা  অভিনেত্ৰীগৰাকীয়ে "ৰুনজুণ" , ৰং চেনেলৰ সৰ্বাধিক জনপ্ৰিয় ধাৰাবাহিক "ভাড়াঘৰ" , "এজাক সপোন যেন বৰষুণ" , "প্ৰতিজ্ঞা" , "ঢৌ জীৱনৰ" , "ঘৰ জোৱাই" , "মন মন্দিৰ" , ''বৈদেহী" আদি  বিভিন্ন ধাৰাবাহিক অভিনয় কৰি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিয়ে ।
অভিনেত্ৰীগৰাকীয়ে নাচিক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা "ফেচ্ ইন এ বাউল" আৰু চাৰুকমল  হাজৰিকাৰ  চিত্ৰগৃহলৈ অতিশীঘ্ৰেই আহিবলগীয়া "এৰাসুতিৰ ধল" নামৰ  ছবিখনত অভিনয় কৰিছে ।
অসমীয়া চলচ্চিত্ৰ , অপেছাদাৰী মঞ্চ , অসমীয়া ধাৰাবাহিক আদিত শক্তিশালী অভিনয়েৰে অসমবাসীৰ মনত সুকীয়া স্থান দখল কৰা সুকন্যা ৰাজগুৰু ২০১৭-২০১৮ নাট্যবর্ষত ভাগ্যদেৱী থিয়েটাৰৰ যোগেৰে ভ্ৰাম্যমান জগতত খোজ পেলাইছে । ভাগ্যদেৱী থিয়েটাৰৰ তিনিওখন নাটকতে এক শক্তিশালী অভিনয়েৰে দৰ্শকৰ মনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে !!
"জোনবাইলৈ চিঠি" ত বিউটি চৌধুৰী , মৰ্মান্তিক কাহিনীত ''বিদিশা বৰুৱা" , আৰু মই বিয়াত নবহো নাটখনত "গীতাঞ্জলি বৰুৱা" শীৰ্ষক  চৰিত্ৰ তিনিটাত নিজৰ স্বকিয় অভিনয়েৰে অভিনয় কৰি প্ৰথম বৰ্ষতে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।
২০১৮/১৯ নাট্যবৰ্ষত সুকন্যা ৰাজগুৰু চুক্তিবদ্ধ হৈছে ৰাজমুকুট থিয়েটাৰৰ সৈতে !!

       

No comments:

Post a Comment