Skip to main content
ভ্ৰষ্টাচাৰ বিৰোধী মঞ্চৰ গুৱাহাটীৰ কাৰ্যালয় মুকলি

BARHAMTHURI REPORT, GUWAHATI: মানৱ অধিকাৰ আৰু ভ্ৰষ্টাচাৰ বিৰোধী মঞ্চৰ অসম ৰাজ্যিক কাৰ্যবাহী কাউন্সিলৰ কাৰ্যালয়টি আজি বিশিষ্ট সমাজ সেৱিকা লক্ষ্মী গোস্বামীয়ে গুৱাহাটীৰ নাৰেঙ্গীত মুকলি কৰে। অনুষ্ঠানটিত অসমৰ কেইবাখনো জিলাৰ মানৱ অধিকাৰ কৰ্মীৰ লগতে মানৱ অধিকাৰ কৰ্মী বলিন ডেকা আৰু সমাজ সেৱিকা প্ৰণিতা দাস গগৈ আৰু কিৰণ বড়োও অংশগ্ৰহণ কৰে। অনুষ্ঠানত মানৱ অধিকাৰ আৰু ভ্ৰষ্টাচাৰ বিৰোধী মঞ্চৰ অসম ৰাজ্যিক সমন্বয়ক ৰাজীৱ বৰুৱাই উক্ত মঞ্চৰ ৱেবছাইতটো ৰাজহুৱাকৈ প্ৰদৰ্শণ কৰে আৰু মঞ্চৰ উদেশ্য আৰু কৰ্মৰাজী সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থাকি মঞ্চৰ ৰাষ্ট্ৰীয় সভাপতি ড০ সৰ্বানন্দ শৰ্মাই দেশখনত ভুললুন্ঠিত মানৱতা আৰু কেঞ্চাৰৰ দৰে বিয়পি পৰা দুৰ্নীতিৰ কৱলৰ পৰা সাধাৰণ নাগৰিকক উদ্ধাৰৰ বাবেই মানৱ অধিকাৰ আৰু ভ্ৰষ্টাচাৰ বিৰোধী মঞ্চই সততে কাম কৰি যাব বুলি কয়।
Comments
Post a Comment