কাহিনী আৰু অভিনয়ৰ মণিকাঞ্চন সংযোগ

মহাষ্টমী


  কোনো ধৰণৰ কাৰিকৰী চমক অবিহনে অসমৰ সমগ্ৰ প্ৰান্তত প্ৰচুৰ জনপ্ৰিয় হৈ পৰিছে  বৃন্দাবন থিয়েটাৰৰ মহাষ্টমী নাটকখন !


জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টচাৰ্য্য ৰচিত/পৰিচালিত নাটকখনৰ কাহিনী , সংলাপ আৰু অভিনয়ে  সৰ্বস্তৰৰ দৰ্শকক আকৃষ্ট কৰিছে  ....
ভ্ৰাম্যমাণ নাটৎজগতৰ  বলিষ্ঠ অভিনেতা পৰাগ শৰ্মা , চিন্ময় কটকী , জয়ন্ত শৰ্মা মুখ্য নায়িকা অংকিতা শইকীয়া ,  অৰ্চনা বৰা , যুৱ প্ৰজন্মৰ প্ৰতিভাসম্পন্ন অভিনেতা গুঞ্জন চৌধুৰী , পংকজ কাশ্যপ , নৱাগত শিল্পী শিখা , মঞ্চ / চলচিত্ৰৰ দুই জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু ৰং চেনেলৰ হাস্যমধুৰ ধাৰাবাহিক বৰলাকাইৰ ভোলা খ্যাত পৰাগ শৰ্মাৰ অপূৰ্ব অভিনয়ে জীপাল কৰি তুলিছে মহাষ্টমী নাটকখনক ।
অভিনয় শিল্পী সকলৰ প্ৰাণস্পৰ্শী অভিনয় , সাৱলীল কাহিনী আৰু আনুসংগিক উপাদানে মহাষ্টমীক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ গৈছে....
প্রতিটো পেণ্ডেলতে নাটকখনে কৰিবলগীয়া হৈছে ২/৩ টা দর্শনী !!
মহাষ্টমীৰ দৰ্শক হৈ নাটক চাই ভালপোৱা প্ৰত্যেকজন দৰ্শকে কবলৈ বাধ্য হৈছে ভ্ৰাম্যমাণৰ পৰা ভাল নাটক এতিয়াও হেৰাই যোৱা নাই !!

No comments:

Post a Comment