ঢকুৱাখনাৰ মাতমৰাত মিচিং সাহিত্য সভাৰ ১২ সংখ্যক বিশেষ বাৰ্ষিক অধিৱেশনৰ সামৰণি
PAPU BARUAH REPORT,BARHAMTHURI, DHAKUAKHANA : তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ঢকুৱাখনাৰ মাতমৰাত মিচিং সাহিত্য সভাৰ ১২ সংখ্যক বিশেষ বাৰ্ষিক অধিবেশন আজি সামৰণি পৰে । উল্লেখ যে ২২ ডিচেম্বৰৰ পৰা ঢকুৱাখনা মাতমৰাৰ লক্ষ্যনাথ দলে ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা মিচিং সাহিত্য সভাৰ ১২ সংখ্যা বিশেষ বাৰ্ষিক অধিবেশনৰ আজি অন্তিম দিনা পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ পৰা অহা মিচিং ভাষা সাহিত্যৰ লেখক-লেখিকা সকলৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠিত হয় । অনুষ্ঠানটিৰ আতঁ ধৰে মিচিং সাহিত্যিক বিলাশ চন্দ্ৰ দলে আৰু ডাঃ অনিল কুমাৰ পেগুৱে । ইফালে ১২ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্বত কৰে মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে । মিচিং সাহিত্যক ডাঃ ঘনকান্ত পেগুৱে উদ্ধোধন কৰা সভাখনিত বিভিন্ন জনজাতীয় সাহিত্য সভাৰ সভাপতি সম্পাদক সকলৰ লগতে বিভিন্ন দল সংগঠনৰ একাংশ নেতৃস্থানীয় ব্যক্তিয়েও অংশগ্ৰহণ কৰে । অধিৱেশনৰ লগত সংগতি ৰাখি - গন্থমেলা , প্ৰদৰ্শনী , খাদ্য মেলা , কবি সন্মিলন , বিভিন্ন আলোচনা চক্ৰ , কুৰি খনৰো অধিক মিচিং ভাষাৰ প্ৰকাশ আৰু উন্মোচন কৰা হয় ।
Comments
Post a Comment