PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA : ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোণাৰি চাপৰিৰ লগতে কঢ়া নৈৰ দুয়োপাৰে এতিয়া সৰিয়হৰ হালধীয়া ফুলৰ সুবাসত আমোলমোল চৌদিশ । সৰিয়হৰ আমোলমোল গোন্ধত যেন এতিয়া মতলীয়া হৈছে ঢকুৱাখনা । হালধীয়া ফুলে মহকুমাটোৰ কৃষি পথাৰসমূহ ভৰি পৰি এক মনোমোহা পৰিৱেশ সৃষ্টি কৰিছে । কৃষকৰ শ্ৰমৰ ফচল এতিয়া পথাৰত সেই হালধীয়া ফুলৰ চুপহিয়ে । কৃষকৰ শ শ বিঘা কৃষিভূমি এতিয়া হালধীয়া হৈ পৰা উপৰিও চকুৰে মণিব নোৱাৰালৈ কেৱল হালধীয়া হৈ পৰিছে । মহকুমাটোৰ হাজাৰ হাজাৰ কৃষকৰ কঠোৰ শ্ৰমেৰে উৎপাদন কৰা এই সৰিয়হ খেতি । চৰকাৰৰ পৰা কণমানো সা-সুবিধা গ্ৰহণ নকৰাকৈ নিজেই শৰীৰৰ ঘাম মাটিত পেলাই শ শ বিঘা সৰিয়হৰ খেতিয়ে ভৰাই তুলি যেন সূচনা কৰিছে এক সেউজ বিপ্লৱ ।
ঢকুৱাখনাত সৰিয়হ ফুলৰ সুবাসত আমোলমোল চৌদিশ

Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment