PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA: প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাণ্ডলিকৰ সৌজন্যত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সদৌ অসম প্ৰতিযোগিতামূলক শিশু ভাওনা সমাৰোহৰ লগতে সত্ৰীয়া নৃত্য-গীতৰ প্ৰতিযোগিতা আজি সামৰণি পৰে । এই শিশু ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু নাট্যদলৰ লগতে হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ দেখা গৈছিল ঢকুৱাখনা বালি গাঁৱৰ নাট্য মন্দিৰত । এই শিশু ভাওনা সমাৰোহত প্ৰায় ৭ টাকৈ নাট্যদলে অংশগ্ৰহণ কৰিছিল । ঘোষিত ফলাফল অনুসৰি শিশু ভাওনা সমাৰোহৰ ১৪ বছৰৰ অনূৰ্ধ্বৰ শিশুসকলৰ এই ভাওনা প্ৰতিযোগিতাত ঢকুৱাখনা সাংস্কৃতিক শাখাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় (নাটক - শকুনিৰ প্ৰতিশোধ ) , দ্বিতীয় স্থান ( নাটক - দানৱীৰ ৰজা হৰিশ্চন্দ ) লাভ কৰে মাজুলীৰ বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ে আৰু তৃতীয় স্থান লাভ কৰে পথালিপাহাৰ জন্মোৎসৱ সমিতি দলে (নাটক - সাৱিত্ৰী সত্যৱান ) । প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘই আয়োজন কৰা সদৌ অসম প্ৰতিযোগিতামূলক শিশু ভাওনা সমাৰোহৰ মুখ্য শৰণ সদস্য দেৱৰাম সূতৰ সভাপতিত্বত আজি এই মুকলি সভাতে নাট্য দলৰ লগতে নৃত্য-গীত প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলৰ মাজত নগদ ধন, মানপত্ৰৰে পুৰস্কৃত কৰা হয় ।
No comments:
Post a Comment