BARHAMTHURI REPORT, GUWAHATI: চানমাৰিত অনুষ্ঠিত হৈ থকা গুৱাহাটী গ্ৰন্থমেলাত আজি উন্মোচন হয় লেখক¸সাংবাদিক¸শিক্ষক কৰুণাকান্ত ৰায়ৰ ‘অসম আৰু অসমীয়াৰ ভৱিষ্যৎ’ শীৰ্ষক গ্ৰন্থ। ১৯৭৯ চনতে সাংবাদিকতাক নিচা হিচাপে লোৱা ৰায়ে দৈনিক অসম¸ The Assam Tribune¸আমাৰ অসম কাকতৰ সৈতে জড়িত হৈ বিজনীৰ পৰা সংবাদ সেৱা অৱ্যাহত ৰাখিছিল। বহু ঘাট প্ৰতিঘাটকো নেওচি নিজৰ সাহিত্য চৰ্চা কৰি গৈছিল ৰায়ে। গোৱালপাৰা জিলাৰ নবীন লেখক-লেখিকা আৰু শিল্পী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ¸ বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন সভাপতিৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে জড়িত হৈ নিজৰ কৰ্মদক্ষতাৰ প্ৰমান দিছিল।
কৰুণাকান্ত ৰায় বৰ্তমান বঙাইগাঁৱ জিলাৰ মণিকপুৰ উচ্ছ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত। সাহিত্য চৰ্চা তথা সাংবাদিকতাৰ প্ৰতি থকা নিচাৰ বাবে অবৈতনিক ভাৱে ৰায়ে নিজৰ লেখা-খবৰ আজিও অৱ্যাহত ৰাখিছে। ৰায়ে ‘নিউজ ৩০’ কাকতত স্তম্ভলেখক হিচাপে বৰ্তমানেও সেৱা আগবঢ়াই আছে। আজি গুৱাহাটী গ্ৰন্থমেলাৰ অস্থায়ী সভাঘৰ প্ৰাংগনত বহুকেইজন বিশিষ্ট লেখক¸সাহিত্যিক ¸ সাংবাদিক তথা গ্ৰন্থপ্ৰেমীৰ উপস্থিতিত ৰায়ৰ ‘অসম আৰু অসমীয়াৰ ভৱিষ্যত ’শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যক লেখক ড°গণেশ পেগুৱে। যি সময়ত অসমীয়াৰ অস্তিত্ব¸জাতিৰ সংকট¸অসমীয়া ভাষাক একাংশই এলাগী কৰাক লৈ সততে চৰ্চিত হৈ আহিছে তেনে সময়তে ৰায়ৰ আজি প্ৰকাশিত অসম আৰু অসমীয়াৰ ভৱিষ্যৎ গ্ৰন্থখনে যথেষ্ট তাৎপৰ্য বহন কৰিব। গ্ৰন্থ উন্মোচনী সভাত লেখক ৰায়ে কিদৰে সপোন বোৰ বাস্তৱত ৰূপায়িত কৰিব পাৰি গ্ৰন্থ তথা লেখাৰ মাজেৰে ব্যক্ত কৰে বুলি তেওঁৰ ভাষণত মন্তব্য কৰে। শিক্ষকতা কৰি যোৱাৰ মাজতেও সাহিত্য তথা সাংবাদিকতাৰ প্ৰতি থকা নিচাৰ বাবে এইদৰে লেখা-মেলাৰ সৈতে জড়িত হৈ থাকি পাঠক তথা ৰাইজক ৰুচিসম্পন্ন বিষয়ক বিশ্লেষণ কৰি যোগাত্মক চিন্তাধাৰাৰ খোৰাক যোগাবলৈ চেষ্টা অৱ্যাহত ৰাখে বুলি ৰায়ে ভাষণত স্পষ্ট কৰে। গ্ৰন্থ উন্মোচনী সভাত ‘নিউজ ৩০’ কাকতৰ মুখ্য সম্পাদক
ড°ভৱেশ দাসো উপস্থিত থাকে। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াই বি.আৰ.প্ৰাব্লিকেশ্বনে। প্ৰকাশনগোষ্ঠীৰ লগতে সমূহ গ্ৰন্থ বিপনীতে উপলব্ধ ‘অসম আৰু অসমীয়াৰ ভৱিষ্যৎ’।
No comments:
Post a Comment