BARHAMTHURI REPORT,GUWAHATI:
শাসক আৰু প্ৰশাসন পৰিবৰ্তন হ'লেই নহ'ব,পৰিবৰ্তন হ'ব লাগিব সমাজ আৰু চিন্তাধাৰাৰ। বিজ্ঞানৰ জয়যাত্ৰাৰ সময়তো আজিৰ সমাজ বাল্যবিবাহ,শিশু শ্ৰমিক,মাদক দ্ৰব্য আৰু অপৰিচ্ছন্নতা আদিৰ দৰে কুপ্ৰথাৰ কৰাল গ্ৰাসত সোমাই থকাটো দুৰ্ভাগ্যজনক। এনেবোৰ কুপ্ৰথা আঁতৰাই সমাজৰ প্ৰতিটো শ্ৰেণীৰ ব্যক্তিসকলৰ সামাজিক সচেতনতা আৰু বৌদ্ধিক বিকাশৰ বাবে UNICEF, SIPRD আৰু পঞ্চায়তৰ সদস্যসকলৰ সহযোগত আৰু সমাজ সচেতনতাৰ বাবে অহৰহ সেৱা আগবঢ়াই অহা বেচৰকাৰী সংস্থা "গছ"ৰ উদ্যোগত যোৱা ১৪ডিচেম্বৰৰ পৰা ২২ডিচেম্বৰলৈ গুৱাহাটীৰ দাতিকাষৰীয়া অঞ্চলসমূহত "বাটৰ নাট" পৰিবেশন কৰা হয়। "গছ"ৰ উদ্যোগত অসমৰ অন্যতম নাট্য গোষ্ঠী "আৰোহণ থিয়েটাৰ"ৰ কলা-কুশলীসকলে পৰিবেশন কৰা এই "বাটৰ নাট"ৰ জড়িয়তে বাল্যবিবাহ বন্ধ কৰি শিশুৰ শিক্ষাৰ ব্যৱস্থা কৰা,শিশু শ্ৰমিক বন্ধ কৰা,মাদক দ্ৰব্য বন্ধ, স্বচ্ছতা, বিশুদ্ধ পানীৰ প্ৰচলন আদিৰ দৰে বিভিন্ন বিষয়ৰ লগতে
চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰা হয়। ১৪ডিচেম্বৰত গুৱাহাটীৰ কাষৰ কাঁহীকুছিত আৰম্ভ হৈ ২২ডিচেম্বৰত সোনাপুৰত সামৰণি পৰা এই "বাটৰ নাট"ত অভিনয় কৰে জয়ন্ত শৰ্মা,অৰ্চনা অৰ্পি,নীহাৰেন্দ্ৰ শৰ্মা,ধনজিত দাস,ধনজিত শৰ্মা,মণিকা গোস্বামী,ইন্দুৰাণী শইকীয়া,উজ্বল চক্ৰবৰ্তী আৰু অমৰ নাথে।বাটৰ নাটকৰ এই যাত্ৰাৰ আটাইকেইটা দিনটেই উদ্যোক্তা "গছ"ৰ তৰফৰ পৰা উপস্থিত থাকে নিজৰা হাজৰিকা,প্ৰশান্ত কুমাৰ ভূঞা,পমি হাজৰিকা,মেঘনা হাজৰিকা,পাপৰি হাজৰিকা,সৌৰভ হাজৰিকা,অসীম চমুৱা,সংহিতা হাজৰিকা,সংস্থিতা হাজৰিকা।
No comments:
Post a Comment