২০ ঘণ্টা একেৰাহে ১৯০ কিলোমিটাৰ দৌৰি অভিলেখ গঢ়াৰ লক্ষ্যৰে কৃষ্ণকান্তৰ


PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA: ২০ ঘণ্টা একেৰাহে ১৯০ কিলোমিটাৰ দৌৰি অভিলেখ গঢ়াৰ লক্ষ্যৰে আজি পুৱা ৪ বজাৰ পৰা ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ পৰা দৌৰ আৰম্ভ কৰি গোগামুখ হৈ জোনাইলৈ একেৰাহে ১৯০ কি.মি. দৌৰি বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে পুৱাই আৰম্ভ কৰিছে ঢকুৱাখনা সুযোগ্য সন্তান কৃষ্ণকান্ত পাৱেই । ঢকুৱাখনাৰ মহকুমাৰ ঘিলামৰা আৰক্ষী চকীৰ অন্তৰ্গত মৰনৈ বেবেজীয়া বৰঅয়েঙীয়া গাঁৱৰ হেমকান্ত পাৱ আৰু শৈবা পাৱাৰ কনিষ্ঠ পুত্ৰ কৃষ্ণকান্ত(২৩) । কৃষ্ণকান্তই নিজকে শ্ৰেষ্ঠত্বৰ কৰি তুলিবলৈ তেওঁ দৈনিক ৮-৯ ঘণ্টাকৈ দৌৰৰ কঠোৰ অনুশীলন আৰম্ভ কৰিছিল । উদীয়মান দৌৰবিদজনক সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়োৱা ঢকুৱাখনা জিলা ক্ৰিয়া সন্থাৰ, ঢকুৱাখনা আঞ্চলিক ছাত্র সন্থা, টি.এম.পি.কে ই ধৰি আৰু বহু কেইটা সংগঠনে সহায় কৰি অহাৰ লগতে উদীয়মান দৌৰবিদজনক শুভেচ্ছা জ্ঞাপন কৰিছে ।

No comments:

Post a Comment