PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA: ঢকুৱাখনা মাতমৰাৰ লক্ষ্যনাথ দলে ক্ষেত্রত অহা ২২,২৩ আৰু ২৪ ডিচেম্বৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ দ্বাদশ বিশেষ অধিৱেশন । অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ২২ ডিচেম্বৰৰ পুৱা কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ লগতে বিয়লিলৈ লক্ষ্যনাথ দলে ক্ষেত্ৰত উন্মোচন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেয়ে । ইয়াৰ পাছতে প্ৰতিনিধি সভাকক্ষৰ দ্বাৰা উন্মোচন , গন্থমেলা আদি দ্বাৰা উন্মোচন । সন্ধিয়ালৈ প্ৰতিনিধি বিশেষ সভা । ২৩ ডিচেম্বৰৰ পুৱা সমূহীয়া চাফাই পাছতে পতাকা উত্তোলন কৰিব মিচিং আগম কৌবাঙৰ সভা গোবিন টাইদে । ১০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন আৰু বিয়লিলৈ কবি সন্মিলন । ২৪ ডিচেম্বৰ অৰ্থাৎ শেষৰ দিনা পুৱাই অন্তৰংগ আলাপ । ১১ বজাৰ পৰা গোবিন টাইড'ৰ সভাপতিত্বত মুকলি সভা । প্ৰাক্তন সভাপতি ডাঃ ঘনকান্ত লাগাছুৱে উদ্ধোধন কৰিব লগা মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , শিক্ষা-স্থাস্থ্য বিত্ত মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা , পঞ্চায়ত , যুৱ ক্ৰীড়া তথা সংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে ।
২২ ডিচেম্বৰৰ পৰা ঢকুৱাখনাত মিচিং সাহিত্য সভাৰ দ্বাদশ বিশেষ অধিৱেশ

Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment