এগৰাকী বিৰল প্ৰতিভাধৰ দৃষ্টিহীন শিল্পীৰ জীৱন সংগ্ৰাম


PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA: জন্মান্ধতাৰ বাধাকো নেওচি বিৰল সংস্কৃতিক প্ৰতিভাৰে উজ্বলি উঠিছে ঢকুৱাখনাৰ পৃথিয়াল গাঁৱৰ প্ৰদীপ দাস (৪০) নামৰ এগৰাকী লোক । প্ৰায় ৯ বছৰ মান বয়সৰ পৰাই প্ৰদীপে ৰেডিঅ , মাইক , টিভি আদিৰ পৰা গান শুনি শুনিয়ে আয়ত্ব কৰি বহু গীত গাব পৰা হৈছিল বিভিন্নজন নামী - দামী গায়ক / শিল্পীৰ দৰে । লোকগীত , বিহু নাম, আধুনিকগীত, বৰগীত , টোকাৰীগীত আদি সকলো গীতেই গাব পাৰে দৃষ্টিহীন প্ৰদীপ দাসে ।
অন্যহাতে এতিয়াও এগৰাকী ভাল সংগীত শিল্পী হোৱা বাসনা মনত পুহি ৰখা প্ৰদীপে - বাঁহী , খোল , ঢোল , হাৰমণিয়াম , নেগেৰা , তাল , কেচিঅ; , তবলা ইত্যাদি সকলো বাদ্যও বজাব জানে ।
ইমানবোৰ সাংস্কৃতিক প্ৰতিভা থকাৰ পিছতো আজি প্ৰদীপ দাসে একো এটা  চৰকাৰী সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।  বহু কষ্টৰ মাজত চলিছে জীৱন সংগ্ৰাম । প্ৰদীপৰ আশা চৰকাৰে বা কোনো ব্যক্তি , অনুষ্ঠানে নিশ্চয় তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিব ।

No comments:

Post a Comment