ঢকুৱাখনা নৰ্মাল স্কুলৰ খেলপথাৰত যোগৰ কৰ্মশালা


PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA : 'বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ব্যায়ামৰ গুৰুত্ব বৃদ্ধি পাইছে । আধুনিক জীৱন যাত্ৰাৰ কিছু মান আহিলাই মানুহক শ্ৰমবিমুখ আৰু এলেহুৱা কৰাৰ বাবে মানুহৰ মাজত ৰোগীৰ সংখ্যা বাঢ়িছে আৰু মানুহ নিৰোগী হৈ থাকিবলৈ হ'লে যোগ ব্যায়াম, আসন, প্ৰণায়াম আদি কৰি যথেষ্ট সু-ফল পোৱা যায় । এই কথা আমাৰ কন কন শিক্ষাথীৰ মনত সোমোৱালৈ আৰু যোগৰ দ্বাৰা নিৰোগী জীৱন যাপনৰ আখৰা কৰিবলৈ এনে কৰ্মশালা প্ৰয়োজন।
এই মন্তব্য ঢকুৱাখনা নৰ্মাল স্কুলৰ অধক্ষ্য লক্ষী কোঁৱৰৰ । আজি দুবছৰীয়া প্ৰাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্ৰমৰ অন্তৰ্গত যোগ শিক্ষাৰ ব্যৱহাৰিক শ্ৰেণীৰ অংশ হিচাপে ঢকুৱাখনা নৰ্মাল স্কুলৰ খেলপথাৰত আয়োজিত যোগৰ কৰ্মশালাৰ আৰম্ভণিতে শিক্ষক / প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্য ভাষন প্ৰদান কৰি নৰ্মাল স্কুলৰ অধ্যক্ষগৰাকীয়ে উল্লেখিত মন্তব্য কৰে । উল্লেখ যে আজি পুৱা ১০ বজাৰ পৰা নৰ্মাল স্কুলৰ ফিল্ডত ডি.ই.এল.এড'ৰ প্ৰায় ১৫ শতাধিক শিক্ষক প্ৰশিক্ষাৰ্থীয়ে যোগৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । এই প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষকৰূপে ঢকুৱাখনা শিশু নিকেতনৰ প্ৰধান আচাৰ্য বনমালি সূত , আচাৰ্য ৰূপেন চুতীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি.পি.এড.ৰ শিক্ষাৰ্থী জাহ্নস্বী গগৈ, দেৱযানী গগৈ, দুৰ্ল্লভ দত্ত, নৰ্মাল স্কুলৰ প্ৰশিক্ষক - বিৰিঞ্চিপ্ৰাণ কোঁৱৰ, ভাস্কৰ হাজৰিকা, অপৰাজিতা বুঢ়াগোঁহাই , আইমণি চেতিয়া, বিমান সন্দিকৈ, হেমন্ত কুমাৰ বৰুৱা ইত্যাদিয়ে অংশগ্ৰহণ কৰিছিল । এই কৰ্মশালা কাইলৈও পুনৰ অনুষ্ঠিত হ'ব নৰ্মাল স্কুলৰ খেলপথাৰত ।

No comments:

Post a Comment