Dr. BHUPEN HAZARIKA'S SPECIAL/যাযাবৰ/মাতু হাজৰিকা
যাযাবৰ
✍মাতু হাজৰিকা
কোনে কয়
তুমি নাই --!
আছা তুমি আজিও
ঋতুৱে ঋতুৱে
মাহে মাহে
লুইতৰ পাৰে পাৰে
আমাৰ বুকুৱে বুকুৱে
খামোচি
শিপা হৈ ---
আকাশৰ বুকত থকা
এটা জোন তুমি
পোহৰাই ৰাখা
ভাষা-সংস্কৃতি
কলা-কৃষ্টি আৰু
অসমীয়া জাতি
পাহাৰ ভৈয়াম
একাকাৰ কৰি
কৃষ্টিৰ বৰভেটি গঢ়ি
সৰু বৰৰ প্ৰভেদ নাৰাখি
গালা মহামিলনৰ গান
আজিও ৰাখিছা
মানৱতাৰ মান
শেষ নোহোৱা তুমিও
এটা গান
বুকুৱে বুকুৱে শিপাই থকা
অসমীয়াৰ প্ৰাণ ।
Comments
Post a Comment