ৰাজমুকুটত বিষাক্ত প্ৰেমৰ শিকলি
ধৃতিমান
এয়া প্ৰচাৰৰ চমক কিম্বা প্ৰচাৰৰ ফুলজাৰি নহয়।দৰ্শকৰ দৃষ্টিত চলিত বৰ্ষৰ শ্রেষ্ঠ কাহিনী , শ্রেষ্ট অভিনয় , শ্রেষ্ঠ পৰিচালনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অদ্বিতীয় হৈ ৰোৱা নাট ৰাজমুকুট থিয়েটাৰ নিবেদিত স্বনামধন্য নাট্যকাৰ চম্পক শৰ্মা ৰচিত পৰিচালিত চলিত নাট্যবৰ্ষৰ দৰ্শকৰ সৰ্বোচ্চ সহাৰি লাভ কৰা জনপ্ৰিয় নাট "বিষাক্ত প্ৰেমৰ শিকলি" ।
প্ৰেম বহু ধৰণৰ আছে , কিন্তু প্ৰেমত যেতিয়া বিষ আহে তেতিয়া ই বিষাক্ত হৈ পৰে !! বিষাক্ত প্ৰেমেৰে বান্ধ খাই থকা এহাল প্ৰেমিক প্ৰেমিকাক লৈ আৰম্ভ হয় বিষাক্ত প্ৰেমৰ শিকলিৰ কাহিনী …
নাটকখনৰ মাজেৰে প্ৰেমৰ পৱিত্ৰতাক দেখুৱাব বিচৰা হৈছে , সেয়া অতি সোনকালেই বুজি উঠিৱ দৰ্শক ৰাইজে ।
নাটকখনৰ মাজেৰে প্ৰেমৰ পৱিত্ৰতাক দেখুৱাব বিচৰা হৈছে , সেয়া অতি সোনকালেই বুজি উঠিৱ দৰ্শক ৰাইজে ।
নাটকখনৰ কাহিনীটোৱে যুৱ প্ৰজন্মক বিশেষভাৱে আকৰ্ষণ কৰিছে ।
অভিনয় শিল্পী সকলৰ দলগত অভিনয়ে নাটকখনক অন্য এক শ্ৰেষ্ঠ নাটকলৈ ৰূপান্তৰিত কৰিছে ।
নাটকখনত অভিনয় কৰিছে ভ্ৰাম্যমাণৰ বাদছাহ চম্পক শৰ্মা , ৰোমান্টিক নায়ক প্ৰসেনজিৎ বৰা , কমেডী কিং ভাস্কৰ বৰ্মণ , তাৰক দাস , শংকৰজ্যোতি ৰাজখোৱা , যাদৱ বৈশ্য , চম্পক মেধি , প্ৰমোদ চুতীয়া , মিনাক্ষী নেওগ , সুৰভী কটকী , বিজু চুতীয়া আদি ন - পুৰণি অভিনেতা অভিনেত্ৰীয়ে।
যুৱ প্ৰযোজক মানস কলিতা প্ৰযোজিত নাট্যদলটিয়ে নলবাৰী ৰাসত ১১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ । একাংশ দৰ্শকৰ মতে এইবেলি নলবাৰী ৰাসত বিষাক্ত প্ৰেমৰ শিকলিয়ে বিজয় ধজ্জা উৰুৱাবলৈ সক্ষম হব ।
No comments:
Post a Comment