BARHAMTHURI ENTERTAINMENT DESK, GUWAHATI: ২০০৪ চনত আৰম্ভ হোৱা আড্ডা চুটি ছবি মহোৎসৱে-২০১৭ বৰ্ষত চতুৰ্দশ বৰ্ষত ভৰি দিলে। আৰম্ভণিৰে পৰা আড্ডাই উত্তৰ পূবৰ ন-প্ৰতিভা বিকাশৰ বাবে অহৰ্নিশে চেষ্টা কৰি আহিছে। লগতে আড্ডাই এই অঞ্চলত সুস্থ চিনেমাৰ বাবে এটা বাতাবৰণ গঢ়িবলৈও প্ৰচেষ্টা চলাই আহিছে।
বিগত বৰ্ষৰ দৰে এইবাৰো আড্ডাই বিভিন্ন কাৰ্য্যসুচীৰে মহোৎসৱখনি আয়োজন কৰিবলৈ লৈছে। চুটি কাহিনী চিত্ৰ, তথ্যচিত্ৰ আৰু এনিমেচন শাখাত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। লগতে নিমন্ত্ৰিত শিতানত দেশ-বিদেশৰ বাচকবনীয়া চুটি ছবি প্ৰদৰ্শন কৰা হব। মহোৎসৱৰ লগত সংগতি ৰাখি স্থিৰ চিত্ৰ প্ৰতিযোগিতা, চিনেমা বিষয়ক কুইজ প্ৰতিযোগিতা, এনিমেচন আৰু চিনেমাটোগ্ৰাফীৰ কৰ্মশালা, "ৱাক ফ'ৰ চিনেমা" শীৰ্ষক পদযাত্ৰা, পুতলা নাচৰ প্ৰদৰ্শন, বিভিন্ন প্ৰদৰ্শনী, আবুল মজিদ দেৱৰ “চামেলী মেমচাব”ৰ ওপৰত বিশেষ আলোচনা¸ “চিনেমাত শব্দ আৰু সংগীতৰ ভূমিকা” শীৰ্ষক আলোচনা¸ মুকলি মঞ্চ¸ আদিৰ আয়োজন কৰা হৈছে। চতুৰ্দশ আড্ডা চুটি ছবি মহোৎসৱৰ উদ্ধোধনী ছবি হিচাপে প্ৰদৰ্শিত হব ৬৭ সংখ্যক বাৰ্লিন চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি অমৰ কৌশিক পৰিচালিত “আবা”। “অক্টো ক্ৰিয়েচনৰ” সহযোগত দুই আৰু তিনি ডিচেম্বৰত¸ গুৱাহাটী পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত অনুষ্ঠিত হব লগা মহোৎসৱখনিৰ প্ৰতিযোগিতা সমূহত যোগদানৰ অন্তিম তাৰিখ ২৫ নৱেম্বৰ। ইচ্ছুক সকলে আড্ডাৰ ফেচবুক পেজ ‘adda Short film festival’ লগ ইন কৰি সবিশেষ তথ্য লব পাৰিব। অথবা আড্ডাৰ ই-মেইল adda.shortfilmfest2004@gmail.com লৈ মেইল কৰিব পাৰিব।
BARHAMTHURI ONLINE WEB MODELING (UNISEX) CONTESTত অংশগ্ৰহণ কৰিবৰ বাবে 7896147242 WHATSAPP নম্বৰত আপোনাৰ নাম, ঠিকনা আৰু ফটো আমালৈ প্ৰেৰণ কৰক।
প্ৰথম তিনিটা স্থান দখল কৰা তিনি গৰাকী মদেলক দিয়া হব BARHAMTHURIৰ পৰা আকৰ্ষণীয় উপহাৰ।
No comments:
Post a Comment