লণ্ডণত এজন অসমীয়া যুৱকৰ কৃতিত্ব

 টেমছ নদী প্ৰদূষণমুক্ত কৰাত ব্যস্ত অসমৰ ধ্রুৱজ্যোতি 


BARHAMTHURI REPORT, DHAKUAKHANA : টেমছ নদীত প্লাষ্টিক চাফাই অভিযান চলাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ লগতে ধেমাজিৰ নিবাসী ফটিক চন্দ্ৰ বৰুৱা আৰু সেমপ্ৰভা বৰুৱাৰ একমাত্ৰ পুত্ৰ ধ্ৰুৱ বৰুৱাই । ধ্ৰুৱ বৰুৱাই নিজৰ প্ৰচেষ্টাত প্ৰদূষণ মুক্ত টেমছ গঢ়িব বাবেই চলাইছে এই অভিনৱ প্ৰদক্ষেপ । প্ৰতিবছৰে প্লাষ্টিকৰ লগতে বহু পেলনীয়া সামগ্ৰীৰ বাবে মৃত্যু ঘটে এক লাখ সাগৰীয় জীৱৰ । এতিয়া লণ্ডণত টেমছ নদীৰ প্লাষ্টিকৰ বিৰুদ্ধে অভিযান চলাইছে ধেমাজিৰ ধ্ৰুৱ বৰুৱাই । নিজৰ প্ৰচেষ্টাত বাঁহেৰে তৈয়াৰ কৰি লোৱা চাইকেল এখনে টেমছৰ বুকুত জমা হোৱা প্লাষ্টিকৰ

আৱৰজনা চফা কৰা লগতে প্লাষ্টিক ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ধ্ৰুৱ বৰুৱাই । যাৰ বাবে BBC NEWS ৰ দৰে সংবাদ মাধ্যমেও স্বীকৃতি প্ৰদানকৰিছে ধ্ৰুৱ বৰুৱাক । ধেমাজিৰ ধ্ৰুৱ বৰুৱা এগৰাকী মেনেজমেন্তৰ চাৰডেন্ত । সৰুৰে পৰাই ধ্ৰুৱই মনত পুহি ৰাখিছিল বহু সপোন । ধ্ৰুৱৰ সেই সপোন যেন আজি বাস্তৱ হোৱা দিশত । ১৮ চেপ্তেম্বৰত লেচলেডৰ পৰা টেডিংটনলৈ প্ৰায় ২০০ মাইল অভিযান চলাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে ধ্ৰুৱ বৰুৱাই । ধ্ৰুৱই প্ৰতিদিনে টেমছ নদীৰ ওপৰত ২-৩ বেগকৈ প্লাষ্টিকৰ আৱৰ্জনা গোটাই । এই আৱৰ্জনা বোৰৰ ভিতৰত সাধাৰণতে মানুহে সঘনাই ব্যৱহাৰ কৰা পানীৰ বটল পলীথিন, চকলেট-চিপ্ছৰ  পেকেট, গাখীৰৰ বটল আদি লগতে আৰু বহু প্লাষ্টিকৰ সামগ্ৰী । ধ্ৰুৱ বৰুৱাৰ মতে প্ৰতি বছৰে ৩০০ নিযুত টন প্লাষ্টিক উৎপাদন হয় বিশ্বত । ইয়াৰ ১০ ৰ পৰা ১২ নিযুত টন প্লাষ্টিক আৱৰ্জনা পৰেগৈ সাগৰত । এনে ফলত প্ৰতিবছৰে এক লাখতকৈ অধিক সাগৰীয় জীৱৰ মৃত্যু হৈছে । এই সামগ্ৰী বোৰৰ ভিতৰত ৫০% ই ডিছপ'জেৱল সামগ্ৰী, ১৪ শতাংশই কেৱল পানীৰ বটল । ধ্ৰুৱ বৰুৱাৰ মতে এই প্লাষ্টিকৰ সামগ্ৰী বোৰৰ ভিতৰত মাত্ৰ ৫% প্লাষ্টিকহে RECYCLE কৰিব পৰা হয় ।  প্লাষ্টিকৰ ব্যৱহাৰ কম কৰাটোৱেই উত্তম উপায় । নহলে ইয়াতকৈও আৰু ভয়ংকৰ বিপদ মাতিব পাৰে । বৰুৱা মতে প্ৰতিটো প্ৰদক্ষেপেই আদৰণীয় । ধ্ৰুৱ এই প্ৰদক্ষেপক আদৰণি জনাই BBC যে তৈয়াৰ কৰিছে এখন বিশেষ তৰ্থ্য চিত্ৰ । ধ্ৰুৱ বৰুৱাৰ তৰ্থ্য চিত্ৰত এটা বিশেষ দৃশ্যই তুলপাল লগাইছে   SOCIAL MEDIA তো ।  মানব জীৱনলৈ ভাবুকি কঢ়িয়াই অনা প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণে কেনেকৈ ভয়ংক ৰূপ লব পাৰে সেয়া দেখুৱা হৈছে এই তৰ্থ্য চিত্ৰত । এটা টিমি মাছে পানী প্ৰদূষণৰ ফলত মৃত্যু হোৱা নিজ সন্তানক মুখেৰে কামুৰি নিয়া এটা বুকু কপাই যোৱা দৃশ্য আছে এই তৰ্থ্য চিত্ৰ খনত । এই কথা আমাৰ প্ৰথম খবৰ 'ক জনাই ধ্ৰুৱ বৰুৱাই ।

No comments:

Post a Comment