মৰম , ত্যাগ আৰু বিশ্বাসৰ জয়যাত্ৰা অব্যাহত 

-  ধৃতিমান




সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত সৰ্বাধিক চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা ২০১৭/১৮ নাট্যবৰ্ষৰ এখন  হৃদয়স্পৰ্শী নাট হৈছে ৰাজশ্ৰী থিয়েটাৰে মঞ্চস্থ কৰা জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যৰ আত্মাৰ আৰ্তনাদ ।

নাট্যযাত্ৰা আৰম্ভ কৰাৰ পৰাই আজিলৈকে নাটকখনে প্ৰতিটো পেণ্ডেলতে কৰিবলগীয়া কৰিৱলগীয়া হৈছে দুই/তিনিটা দৰ্শনী ।
এতিয়া প্ৰশ্ন হয় কি আছে নাটকখনত ? নে এইবোৰ প্ৰচাৰৰ চমক ??
পিছে নহয় , নাটকখনত আছে এটা সুস্থ সাৱলীল কাহিনী । যি কাহিনী দৰ্শকে   বুজি পাবলৈ বৰ বেছি সময় নেলাগে। আদালতত কোনোদিনে উত্থাপন নোহোৱা এটা গোচৰৰ ভিত্তিত নাটকৰ কাহিনীভাগ আগবাঢ়ে ।  পিতৃ , পিতৃত্ব আৰু পিতৃস্নেহ সুন্দৰৰূপে প্ৰকাশ পাইছে নাটকখনত সেইকাৰণেই হয়তো নাটকখনক দৰ্শকে আদৰি লৈছে ।
নাটকখনৰ এই সাফল্যৰ মূল কাৰণ হল দলগত অভিনয় আৰু অভিজ্ঞ অভিনেতা তপন দাসৰ পৰিচালনাশৈলী । 


অভিনয়ৰ  ক্ষেত্রত প্ৰথমতেই নাম লৱ লাগিৱ তপন দাসৰ , তেখেত এনে এজন অভিনেতা যিয়ে বহুত জটিল চৰিত্ৰ অনায়াসে ৰুপদান কৰিৱ পাৰে লগতে এজন দক্ষ পৰিচালক , জুপিতৰা ভূঞা , কবিতা চুতীয়া , মিতুল বালাজী ,  উৎপলজ্যোতি নাথ , নৱ দত্ত , চন্দন বৰাৰ লগতে সুদৰ্শন নায়ক জেফ্ৰি বক্সিৰ দক্ষ অভিনয়ে শ্রেষ্ঠতাৰ  শাৰীত বহুৱাইছে আত্মাৰ আৰ্তনাদক ।
কাৰ্য্যবাহী প্ৰযোজক যতীন ঠাকুৰীয়াই জানিবলৈ দিয়ামতে ৮ নৱেম্বৰৰ পৰা নাট্যদলটোৱে নাট প্ৰদৰ্শন কৰি আছে নলবাৰী ৰাস মহোৎসৱত ।


     

No comments:

Post a Comment