ভ্ৰাম্যমাণৰ ভৱিষ্যতৰ শিল্পী
ৰূপালীমেৰে আৰম্ভ দাদাগিৰিলৈ
অপেছাদাৰী মঞ্চৰ পৰা ভ্ৰাম্যমাণৰ মঞ্চলৈ ইতি ফুকন
- ধৃতিমান
ৰুপালীম নাটকখনৰ যোগেদি অপেছাদাৰী মঞ্চত প্ৰৱেশ কৰা ইতি ফুকনে পিছলৈ ক্ৰমে "লভিতা" , "অঘৰী আত্মাৰ কাহিনী" আদি নাটকত বিশিষ্ট পৰিচালক সীমান্ত ফুকনৰ পৰিচালনাত দক্ষ অভিনয় কৰি সুখ্যাতিৰে উজ্জ্বলি উঠিছিল ।
তাৰ পিছত ৰং চেনেলৰ ধাৰাবাহিক "ৰদালি" , "টোপটোপ সপোন সৰে" , "বিন্দাছ" , "দাপোন" , "জীৱনৰ ৰং" , "শব্দ" , "শাহু বোৱাৰী" , জোনাক চেনেলৰ "সৃষ্টি" , ৰেঙনী চেনেলৰ "এপাহি সুখ এপাহি দুখ" আদি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি অহা ইতি ফুকনে ভ্ৰাম্যমাণৰ মঞ্চটো বেছ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ল ।
বৃন্দাবন থিয়েটাৰৰ যোগেদি এই মাধ্যমটোত প্ৰৱেশ কৰা ইতি ফুকনে চলিত ২০১৭/১৮ (চলিত) নাট্যবৰ্ষত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত তিনিওখন নাটকতে তিনিটা মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
অপেছাদাৰী মঞ্চৰ প্ৰচুৰ প্ৰতিভাসম্পন্ন অভিনেত্ৰী গৰাকীয়ে নাট্যকাৰ / পৰিচালক অভিজিত ভট্টাচাৰ্যৰ দাদাগিৰি নাটকখনত ছুপাৰৰ্ষ্টাৰ যতীন বৰাৰ বিপৰীতে এগৰাকী নাৰ্চৰ চৰিত্ৰত অভিনয় কৰি পুণৰবাৰ উজ্জ্বলি উঠে ।
ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয়ৰ অনুভৱ ব্যক্ত কৰি ইতি ফুকনে কয় যে "ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত দৰ্শকৰ সন্মুখত জীৱন্ত অভিনয়ৰ আমেজেই সুকীয়া" !!
অহা নাট্যবৰ্ষ (২০১৮/১৯) ত ইতি ফুকন চুক্তিবদ্ধ হৈছে আশীৰ্বাদ থিয়েটাৰৰ সৈতে।
No comments:
Post a Comment