বিশুদ্ধ নাটকৰ জয়যাত্ৰা


চম্পক শৰ্মাৰ বিষাক্ত প্ৰেমৰ শিকলি

                                        

-ধৃতিমান 


প্ৰেম এক স্বৰ্গীয় অনুভূতি , প্ৰেমকলৈ ভ্ৰাম্যমাণত বহুত নাটক হ'ল  , বহুত জনপ্ৰিয়ও হ'ল কিন্তু বিষাক্ত প্ৰেমকলৈ ভ্ৰাম্যমাণত নাটক খুৱ কম দেখা যায় ।
প্ৰথম নাট্যবৰ্ষত (২০১৬/১৭) নৰসিংহ নাটকখনৰ অভাৱনীয় সাফল্যৰ আঁত ধৰি  দ্বিতীয় নাট্যবর্ষত মানস কলিতা প্ৰযোজিত ৰাজমুকুট থিয়েটাৰে মঞ্চস্থ কৰে  বলিষ্ঠ অভিনেতা / নাট্যকাৰ / পৰিচালক চম্পক শৰ্মা ৰচিত - পৰিচালিত বিষাক্ত প্ৰেমৰ শিকলি
যিটো নাম প্ৰকাশ পোৱাৰ দিনাৰে পৰা চৰ্চিত হৈ পৰিছিল ।
 
বিক্ৰম এজন হিন্দু যুৱক , আৰু ৰ'জ এগৰাকী খ্ৰীষ্টান যুৱতী । দুয়োৰো মাজত গঢ়ি উঠে এটি সম্পৰ্ক প্ৰেমৰ !!  কিন্তু এই সুন্দৰ সম্পৰ্কটো বিষাক্ত হবলৈ বৰ বেছি সময় নালাগিল l কিয়নো ধৰ্মই বাধা দিছে ; কিন্তু সঁচা প্ৰেমে জানো জাতি ভেদ মানে ?
সঁচা প্ৰেমৰ কেনেদৰে মিলন হ'ল তাক অতি আৰ্কষণীয়ভাৱে দেখুওৱা হৈছে নাটকখনত ।
কাহিনী বিচাৰি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰা দৰ্শকৰ বাবে উৎকৃষ্টমানৰ নাটক  বিষাক্ত প্ৰেমৰ শিকলি , কিয়নো নাটকখন মূলতঃ কাহিনীপ্ৰধান ।
প্ৰেমৰ পৱিত্ৰতাক লৈ ৰচনা কৰা নাটকখনে ৰাজ্যৰ  বিভিন্ন প্ৰান্তত পাৰভঙা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় । সেয়া লাগিলে দুৰ্গা পূজাতেই হওক ,  লক্ষ্মী পূজাতেই হওক বা নলবাৰী ৰাস মহোৎসৱতেই হওক । নলবাৰী ৰাস মহোৎসৱত ৫ নিশাৰ বাবে নাট্যদলটোৱে নাট প্ৰদৰ্শন কৰিছিল আৰু  বিষাক্ত প্ৰেমৰ শিকলিৰ ১১ টা দৰ্শনী মঞ্চস্থ হৈছিল ।
এই সাফল্যৰ বাবে আমি নাম লৱ লাগিব  বলিষ্ঠ অভিনেতা চম্পক শৰ্মা , ভাস্কৰ বৰ্মণ , প্ৰসেনজিৎ বৰা , তাৰক দাস , শংকৰজ্যোতি ৰাজখোৱা , যাদৱ বৈশ্য , প্ৰমোদ চুতীয়া , চম্পক মেধি , মোহময়ী অভিনেত্ৰী মিনাক্ষী নেওগ , সুৰভি কটকী , বিজু চুতীয়া , পঞ্চি বৰাৰ ।
পলাশ গগৈৰ অৰ্থৱহ আৱহ সংগীতে নাটকখনক অনন্য মাত্ৰা প্ৰদান কৰিছে ।

No comments:

Post a Comment