আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিচয় আশীৰ্বাদ থিয়েটাৰৰ পুণৰ জন্ম
নতুনৰ সৃষ্টি আশীৰ্বাদৰ অন্য এক লক্ষ্য
-ধৃতিমান
নতুনৰ সৃষ্টি আশীৰ্বাদৰ অন্য এক লক্ষ্য
তিনিবছৰ বিৰতিৰ পিছত অভিনৱ আয়োজনেৰে পুণৰ ভ্ৰাম্যমাণৰ বৰপথাৰত বহু নতুনত্বৰ সংযোজনেৰে আধুনিকতাৰ পৰশলৈ উভতিছে প্ৰয়াত ৰবীগ নেওগৰ স্মৃতি বিজড়িত আশীৰ্বাদ থিয়েটাৰ ।
ৰবীন নেওগ এটা অনুষ্ঠান , আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল কিন্তু সেই অনুষ্ঠানটোৰ পুনৰ জন্ম হৱ ওলাইছে ।
২০১৮/১৯ নাট্যবৰ্ষত যুৱ প্ৰযোজক সৌৰভ গোস্বামী আৰু তন্ময় বৰ্মনৰ নেতৃত্বত আশীৰ্বাদ থিয়েটাৰৰ প্ৰস্তুতি বৰ্তমান তুংগত । ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত আশীৰ্বাদ থিয়েটাৰৰ বেনাৰ পোষ্টাৰ লাগি গৈছে । ৰঙিয়াস্থিত আখৰা শিৱিৰত পূৰ্ণোদনে কাম চলি আছে ; জানিবলৈ পোৱামতে আৰু এমাহৰ ভিতৰত তেখেতসকলৰ আখৰা গৃহ সম্পূৰ্ণ হৈ উঠিব ।
যুৱ প্ৰযোজক সৌৰভ গোস্বামীয়ে কয় যে সঁচা অৰ্থত আমি দৰ্শকক নাটক দেখুৱাম আৰু সঁচা অৰ্থত নাটকৰ পৰিচালনা হৱ , চমক , গিমিক আৰু ভেল্কীবাজিৰ ঢৌত আমি উটি ভাহি নাযাও ।
নাট্যদলটোৰ পৰিকল্পক কুলেন ডেকা , সম্পাদক - ভৱেশ দাস , ৰমেণ শৰ্মা ।
আশীৰ্বাদ থিয়েটাৰৰ মুখ্য পৰিচালন সঞ্চালক কংকণ গোস্বামীয়ে জনাই যে ইতিমধ্যে ৪০ খণৰ ওপৰত পেণ্ডেল বুক হৈছে । আমি অসমবাসী ৰাইজৰ পৰা বহুত সহায় সহযোগিতা পাইছো । অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহত নলবাৰীৰ বেলশৰত আশীৰ্বাদ থিয়েটাৰৰ নাট্যযাত্ৰা আৰম্ভ হব।
অভিনয়ৰ তালিকাত আছে ভ্ৰাম্যমাণ নাট্যজগতৰ বলিষ্ঠ অভিনেতা প্ৰানজিৎ দাস , মুহি বৰা , প্ৰিয়ংকা বৰুৱা , দিপাংকৰ মালাকৰ , নিলোৎপল বৰা , নৱাগত সুনয়ন শৰ্মা ৰ লগতে অসমীয়া বোলছবিৰ সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজ , ভ্ৰাম্যমাণৰ মোহময়ী অভিনেত্ৰী ইতি ফুকন ।
BARHAMTHURI MODEL CONTESTত অংশগ্ৰহণ কৰিবৰ বাবে 7896147242 WHATSAPP নম্বৰত আপোনাৰ নাম, ঠিকনা আৰু ফটো আমালৈ প্ৰেৰণ কৰক।
প্ৰথম তিনিটা স্থান দখল কৰা তিনি গৰাকী মদেলক দিয়া হব BARHAMTHURIৰ পৰা আকৰ্ষণীয় উপহাৰ।
No comments:
Post a Comment