অ' এন জিচি'ৰ উদ্যোগত ঘিলামৰাত বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰ

অ' এন জিচি'ৰ উদ্যোগত ঘিলামৰাত বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰ 

৫০০ শতাধিক লোকক চশমা ঔষধ প্ৰদান 

 

Papu Baruah Barhamthuri Report, Dhakuakhana: ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু দিল্লীৰ " অনুগ্ৰহ দৃষ্টিদান "ৰ উদ্যোগত লখিমপুৰ জিলা অন্ধতা নিবাৰণী সংস্থা, লায়ন কে কে চহৰীয়া চকু চিকিৎসালয় ডিব্ৰুগড় আৰু ইংগিত নাট্যগোষ্ঠী ঘিলামৰাৰ সহযোগত আজি এক বিনামুলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় । ঘিলামৰা কৃষ্টি ভৱনত আয়োজিত এই শিবিৰত প্ৰায় ৫ শতাধিক চকুৰ অসুখত ভোগা ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰে দিল্লীৰ চকুৰ চিকিৎসক ডাঃ সঞ্জয় খাটুৱাল আৰু ডাঃ যতীন দাসে । ঢকুৱাখনাৰ সহকাৰী আয়ুক্ত তথা ঘিলামৰাৰ খণ্ড উন্নয়ন বিষয়া ডেভিদ বৰাই উদ্ধোধন কৰা চকু চিকিৎসা শিবিৰত ৰোগী চকু বিনামূলীয়াকৈ পৰীক্ষা কৰি দৃষ্টি শক্তি অনুসৰি চশমা প্ৰদান কৰে ।
 চিকিৎসা শিবিৰত চিকিৎসকদ্বয়ক সহায় কৰে ইংগিতৰ মঞ্চাধ্যক্ষ হৰেণ শইকীয়া, সম্পাদক ৰবিন্দ্ৰ বৰুৱা, উপ-সভাপতি শৈলেন দত্ত, সভাপতি যোগানন্দ গগৈ, জিতুল কিশোৰ চুতীয়া, মেৰী বৰগোহাঁই, তগৰ চেতিয়া, হেমন্ত বৰুৱা লগতে আৰু বহু কেইজন ব্যক্তিয়ে ।

No comments:

Post a Comment