কলিকতাত স্থাপন হ'ব শংকৰদেৱৰ নামঘৰ আৰু সাংস্কৃতিক চচা কেন্দ্ৰ

 কলিকতাত স্থাপন হ'ব শংকৰদেৱৰ নামঘৰ আৰু সাংস্কৃতিক চচা কেন্দ্ৰ 


Papu Baruah Report Barhamthuri:শ্ৰী মন্ত্ৰ শংকৰদেৱ কনচিয়াচনেচ ছছাইটি বৱ ইণ্ডিয়াৰ দ্বাৰা  কলিকতাৰ  ক্সেছপিয়েৰ সৰণীস্থ অৰবিন্দ ভৱনত আজি সন্ধিয়া ৫ বজাৰ পৰা মহাপুৰুষ  শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এখন ৰাষ্ট্ৰীয় পয্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।  সাম্প্ৰতিক বিশ্বত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাসংগিকতা শীষক এই ৰাষ্ট্ৰীয় পয্যায়ৰ  আলোচনা চক্ৰখনিত অসমৰ সন্তান বত্তমান  কলিকতাৰ প্ৰসিদ্ধ সাহিত্যিক গৌতম প্ৰসাদ বৰুৱা , শ্ৰী মন্ত শংকৰদেৱ যুৱ মঞ্চৰ সভাপতি ৰিজু পাঠক, ড0 সুব্ৰত কুমাৰ  চক্ৰৱতী,উপসভাপতি পশ্চিম বংগ শ্ৰীঅৰবিন্দ ছছাইতি, বাংলা লিখক গুৰু বিশ্বাস, অসমৰ বিশিষ্ট  সাংবাদিক দয়াল কৃষ্ণ নাথ,কলিকতাৰ মণিষা শম্মা বৰঠাকুৰ উপস্থিত থাকি শংকৰদেৱৰ কম্মৰাজিৰ ওপৰত আলোকপাত কৰে। এই আলোচনা চক্ৰৰ পৰিচালনা কৰে শ্ৰী মন্ত্ৰ শংকৰদেৱ কনচিয়াচনেচ ছছাইটি বৱ ইণ্ডিয়া, গুৱাহাটীৰ সভাপতি ৰাজীপ দত্তই। শলাগৰ শৰাই আগবঢ়াই ছছাইটিৰ সচিৱ কমল বৰাই। অনুষ্ঠানৰ আতঁধৰে কলিকতাবাসী প্ৰনৱ হাজৰিকাই। স্বাগত ভাষণ দিয়ে  কলিকতাৰ চলচ্চিত্র পৰিচালক সুজিত চক্ৰৱতীয়ে। কলিকতাৰ বাসী বঙালী সম্প্ৰদায়ৰ শংকৰদেৱৰ অনুৰাগী লোকসকলে  এই আলোচনা চক্ৰত উপস্থিত থকাৰ লগতে অনুষ্ঠিত কৰাত সকলো দিশতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইতিমধ্যে তেখেতে সকলে শংকৰদেৱৰ সৃষ্টি ৰাজী বিশ্বৰ ভিতৰতে উল্লেখনীয় বুলি মন্তব্য কৰাৰ লগতে ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অসমবাসীৰ  লগতে  ভাগিদাৰ হম বুলি মন্তব্য আৰোপ কৰে। কলিকতাত শংকৰদেৱৰ নামঘৰ আৰু সাংস্কৃতিক চচা কেন্দ্ৰ স্থাপনৰ চিন্তা চচা কৰিব বুলিও জানিবলৈ দিয়ে।

No comments:

Post a Comment