দীপাৱলীৰ জাকজমকতাত থাকিবনে কাতি বিহুৰ কঙালতা/ডিম্বেশ্বৰ বৰ্মন

দীপাৱলীৰ জাকজমকতাত থাকিবনে কাতি বিহুৰ কঙালতা

                                    ✍ ডিম্বেশ্বৰ বৰ্মন





 এইবাৰ দীপাৱলী আৰু কাতি বিহু একেলগে আহিছে। যাৰ পৰিপ্ৰেক্ষিতত সকলোৱে কেৱল দীপাৱলীক লৈহে ব্যস্ত থকা পৰিলক্ষিত হৈছে। কাৰো যেন ভাবিবলৈ সময় নাই জাতীয় উৎসৱ কাতি বিহুক লৈ। কিন্তু আমি কাতি বিহুক কিয় কঙালী কওঁ এবাৰ ভাবি চাইছোনে? কিন্তু এই কাতি বিহু অসমীয়াৰ জাতীয় উৎসৱ নহয় জানো? তেতিয়াহলে আমি আমাৰ জাতীয় উৎসৱক এলাগী কৰিছো কিয়? নে জাকজমকতা নাই বাবে¸ তেতিয়াহলে দেখোন আমি আমাৰ স্বাৰ্থপৰ মানসিকতাহে প্ৰকট কৰি তুলিছো। আমি বাৰু কৃষক সকলৰ দূখবোৰ অকণ ভগাই লব পাৰিমনে? আপোনালোকে ভাবি চাইছেনে কিমান কষ্টৰ বিনিময়ত সেই মাটিদৰাত সিঁচিছিল সোণগুটিবোৰ? যাৰে আমি ভোক নিবাৰণ কৰো। য'ত নিগৰিত হৈ আছে আপোন কৃষকজনৰ আশা, ভৱিষ্যত। আমি বাৰু তেঁওলোকৰ  শ্ৰমক সন্মান জনাই দীপাৱলীৰ জাকজমকতা কমাব নোৱাৰোনে? আমি এই দীপাৱলীত যিমান প্ৰদূষণ কৰো, তাৰ বাবে আমি সিমান পৰিমাণৰ গছপুলি ৰোপণ কৰোনে? দীপাৱলীৰ এই ৰংচঙীয়া পোহৰবোৰে বাহ্যিক জগতখনহে পোহৰাই তুলিব। কিন্তু আমাৰ মনৰ আন্ধাৰ কোঠাবোৰ বিবেক পোহৰেৰে উজলি উঠিব যানো। গতিকে আহকচোন আমি আমাৰ মনৰ আন্ধাৰ কোঠাবোৰ পোহৰাই প্ৰদূষণমুক্ত সমাজ গঢ়াৰ সংকল্প লওঁ। কৃষকক সন্মান জনাই আমি এইবাৰ উদযাপন কৰো কঙালীৰ পৰশ পৰা এই দীপাৱলী।


No comments:

Post a Comment