পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰৱিত্ৰ দিনটোত টাক্‌চৰ উদ্যোগত মহানগৰীত বিশেষ পদক্ষেপ গ্ৰহণ

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰৱিত্ৰ দিনটোত টাক্‌চৰ উদ্যোগত  মহানগৰীত বিশেষ পদক্ষেপ গ্ৰহণ



NEWS DESK: টাক্‌চৰ উদ্যোগত পোহৰৰ উৎসৱ দীপাৱলীৰ পৱিত্ৰ দিনটোতে প্ৰদূষণ মুক্ত দীপাৱলী উদ্‌যাপনৰ এক সজাগতা শিৱিৰ স্থাপন কৰাৰ লগতে বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। গুৱাহাটীৰ নুনমাটি শিশু মংগল কেন্দ্ৰত এক শিৱিৰ স্থাপন কৰে। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা শিশু বিশেষজ্ঞ ড° কমল কিশোৰ চক্ৰৱৰ্তীয়ে। টাক্‌চৰ সভাপতি গৌৰৱ বৰাৰ নেতৃত্বত টাক্‌চে লোৱা এই পদক্ষেপ সঁচাই প্ৰসংশনীয়। যি মাত্ৰাত ৰাজ্যখনৰ লগতে মহানগৰীত প্ৰদূষন বৃদ্ধি পাইছে তেনে সময়তে টাক্‌চে অনুষ্ঠিত কৰা প্ৰদূষণমুক্ত দীপাৱলীৰ যি সজাগতা সেৱা আগবঢ়াইছে সেইয়া প্ৰসংশনীয়।মহানগৰীৰ লগতে সমগ্ৰ দেশ তথা ৰাজ্যত দীপাৱলীৰ নামত একাংশই লক্ষ-লক্ষ টকা ফটকাৰ নামত অপচয় কৰাৰ লগতে প্ৰদূষনৰ সৃষ্টি কৰিছে। এই ফটকাৰ পৰা নিৰ্গত হোৱা ধোঁৱাই মানুহৰ দেহত বহু পৰিমানে ক্ষতি কৰে¸বিশেষকৈ শিশুৰ বাবে অতি ভয়াৱহ এই ফটকাৰ পৰা নিৰ্গত ধোঁৱাৰ লগতে যি শব্দ প্ৰদূষণৰ সৃষ্টি হয়¸ হৃদৰোগীৰ বাবে এই শব্দ প্ৰদূষণ মৃত্যুৰ কাৰক হব পাৰে। পোহৰৰ উৎসৱ দীপাৱলীৰ এই পৱিত্ৰ দিনটোত মাটিৰ চাকি জ্বলাই পোহৰৰ উৎসৱ দীপাৱলীৰ দিনটো পোহৰাই তুলিব পাৰি। চীনা সামগ্ৰী বৰ্জনৰ লগতে এই ফটকা সমূহ। যদি কম পৰিমানে হলেও ব্যৱহাৰ কৰা যায় তেন্তে কিছু পৰিমানে হলেও প্ৰদূষণ ৰোধ কৰিব পাৰি।টাক্‌চে অনাগত দিনত এনেধৰনৰ সজাগতা সৃষ্টি কৰি যোৱাৰ লগতে সমাজৰ বাবে কাম কৰি যাব বুলি মত প্ৰকাশ কৰে। পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে কালি পূজাৰ এই পৱিত্ৰ দিনটোত ৰাজ্যবাসীক শুভইচ্ছা জনাই।

No comments:

Post a Comment